
লাহোৱালঃ গুণোৎসৱত A গ্ৰেড লাভ কৰি ইতিমধ্যেই বিদ্যালয় খনে সুনাম কঢিয়াই আনিছে। ছাত্ৰ-ছাত্ৰী, শিক্ষক সকলোৱে সমানে গুৰুত্ব দিয়ে পঢ়াৰ ক্ষেত্ৰত৷ অকল পঢ়াই নহয় চাফ-চিকুন, খেল-ধেমালী সকলোতে পাৰ্গত বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷ যাৰ ফলত গুণোৎসৱত A গ্ৰেড লাভ কৰাৰ পিছত পুনৰ লাভ কৰিলে আন এক সাফল্য৷
মঙলবাৰে ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাৰ পঞ্চম শ্ৰেণীৰ ফলাফলত লাহোৱাল শিক্ষাখণ্ডৰ অন্তৰ্গত মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰ পৰা ৮ জন ছাত্ৰ-ছাত্ৰীয়ে কৃতিত্ব সহকাৰে উত্তীৰ্ণ হয়। ইয়াৰে ৪ গৰাকী ছাত্ৰ-ছাত্ৰী বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ। বেদান্ত গগৈ, লোনাপ্ৰিয়া গগৈ, জিংকী বুঢ়াগোঁহাই আৰু ইচা কোঁৱৰে বৃত্তি লাভ কৰে।
কেন্দ্রটোৰ ভিতৰতে সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীক স্থানীয় ৰাইজে অভিনন্দন জনোৱাৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপা শইকীয়া আৰু সহ শিক্ষক যুগল কোঁৱৰক শুভেচ্ছা জ্ঞাপন কৰে।