
নামতিঃ সমগ্ৰ ৰাজ্যজুৰি ধৰ্ষণকাণ্ডক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্য অব্যাহত থকাৰ সময়তে মঙলবাৰে পুনৰ শিৱসাগৰ জিলাৰ এগৰাকী স্কুলৰ চকিদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ৷ জিলা খনৰ নামতিৰ এখন বিদ্যালয়ত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰে। বিদ্যালয়খনৰ চকিদাৰৰ যৌন নিৰ্যাতনৰ ভয়ত একাংশ ছাত্ৰীয়ে বিদ্যালয় এৰিছে বুলিও অভিযোগ উত্থাপন হয়।
জানিব পৰা মতে, আমগুৰি শিক্ষাখণ্ডৰ অধিনৰ নামতিপুল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰুমিদ আলীয়ে বিভিন্ন সময়ত বিদ্যালয়খনৰ একাংশ ছাত্ৰীক অশালীন মন্তব্য কৰি অহাৰ লগতে ৬ গৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক স্কুলতে দীৰ্ঘদিন পৰা যৌন নিৰ্যাতন চলাই আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হয়।
যাৰ বাবে এতিয়া ছাত্ৰীকেইগৰাকীয়ে চকিদাৰৰ ভয়ত বিদ্যালয়লৈ আহিব এৰিছে বুলি কয় অভিভাৱকে। ভুক্তভোগী ছাত্ৰীকেইগৰাকীয়ে পিতৃ-মাতৃক এই কথা অৱগত কৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত ছাত্ৰীৰ অভিভাৱকসকলে ১০ এপ্ৰিলত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ডিম্বশ্বৰী গগৈক এখন লিখিত অভিযোগ দিয়ে। কিন্তু ডিম্বশ্বৰী গগৈয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰি ঘটনাক গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনা সন্দৰ্ভত সাংবাদিকে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ পৰা জানিব বিচৰাত বিষয়টোৰ সন্দৰ্ভত অভিভাৱক আৰু সহ শিক্ষক-শিক্ষয়ত্ৰীসকলক লৈ ১২ এপ্ৰিলত বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰিছিল বুলি কয়। সভাতেই হেনো চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰুমিদ আলীয়ে ক্ষমা খোজা বুলি কয়। ইয়াৰোপৰি সাংবাদিকে ঘটনা সন্দৰ্ভত শিক্ষা বিষয়ক অৱগত কৰাত প্ৰধান শিক্ষয়িত্ৰী ডিম্বশ্বৰী গগৈয়ে শিক্ষা বিষয়া আব্দুল জেলিলে তেওঁৰ সমস্যা তেওঁকেই সমাধান কৰিবলৈ কৈছিল বুলি কয়। আনহাতে এগৰাকী ছাত্ৰীয়ে চকিদাৰগৰাকীয়ে বেয়া কথা কোৱা বুলিহে প্ৰকাশ কৰে৷
ইফালে, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ ভুক্তভোগী অভিভাৱকসকলে চকীদাৰ ৰুমিদ আলীৰ বিৰুদ্ধে মঙলবাৰে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৪১/১৮ নম্বৰৰ গোচৰ ৰুজু কৰিছে। ইতিমধ্যে আমগুৰি আৰক্ষীয়ে ঘটনা তদন্ত কৰিবৰ বাবে চকিদাৰ ৰুমিদ আলীক বাতৰি প্রেৰণ কৰা সময়লৈকে থানাত জেৰা অব্যাহত ৰাখিছে৷