অসমৰ বিদ্যালয়ত পঞ্চম শ্ৰেণী উত্তীৰ্ণ শিক্ষক, অংক কৰিব দি ছাত্ৰক কোবালে লাঠিৰে

হোজাইঃ বিদ্যালয় সমূহত চেকনীৰ আগত বিদ্যা ধাৰণাটো বৰ্তমান নাই যদিও একাংশ শিক্ষকে কিন্তু আজিও ছাত্ৰ-ছাত্ৰীক মাৰধৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিব লগা কৰে৷ ৰাজ্যত প্ৰায়ে এনে ঘটনা সংঘটিত হৈ অহাৰ মাজতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিয়ে ছাত্ৰক মাৰ-ধৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাৰ ডবকাত৷

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পালন কৰি উঠাৰ পিছতে দেওবাৰে হোজাইৰ যোগীযান শিক্ষা খণ্ডৰ অন্তৰ্গত ডবকা উত্তৰ উদমাৰি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰক মাৰ-ধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয় পৰিচালনা লমিতিৰ সভাপতি আলতাব হুছেইনৰ বিৰুদ্ধে৷ উদমাৰি প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আলতাব হুছেইনৰ যোৱা শনিবাৰে বিদ্যালয়লৈ আহে৷

বিদ্যালয়লৈ আহি পৰিচালনা সমিতিৰ সভাপতি আলতাব হুছেইনে ছাত্ৰ-ছাত্ৰীক অংক কৰিব দিয়ে৷ খোদ পঞ্চম শ্ৰেণীলৈ উত্তীৰ্ণ সভাপতি আলতাবে শিক্ষকতাৰ চখ পুৰণ কৰিবলৈ ইচ্ছা কৰে৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে অংক কৰিব নোৱাৰাত খঙত অগ্নিশৰ্মা হৈ পৰে৷ খঙত থাকিব নোৱাৰি হাতত লাঠিৰে লৈ যধে-মধে প্ৰহাৰ কৰে৷ একপ্ৰকাৰ পাশৱিক অত্যাচাৰ চলায় সভাপতিয়ে৷

প্ৰহাৰত গুৰুত্বৰ ভাৱে আহত হয় কেবাগৰাকী ছাত্ৰ। মিৰজান আলী নামৰ ৮ বছৰীয়া ছাত্ৰজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিব লগা হয়৷ ছাত্ৰ জনৰ হাতৰ হাড় ভঙাৰ লগতে শৰীৰৰ বিভিন্ন ঠাইত বেয়াকৈ আঘাত পায়৷ ডবকা আৰক্ষীৰ সহযোগত ছাত্ৰজনক ডবকা স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি প্ৰাণ ৰক্ষা কৰে ছাত্ৰজনৰ৷ ছাত্ৰক মাৰ-ধৰ কৰাটো দূৰৰ কথা শিক্ষকক হাত চেকনী লোৱাই বন্ধ কৰিছে দেশৰ চৰকাৰে৷

সেই সময়ত শিক্ষকটো দূৰৰ কথা এগৰাকী বিদ্যালয়ৰ বাহিৰৰ লোকে কেনেকৈ ছাত্ৰক প্ৰহাক কৰাৰ সুবিধা পালে তাক উত্থাপন হৈছে প্ৰশ্ন৷ চৰকাৰে শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে টেট, বিএড আৰু ডিএলএড ডিগ্ৰী থকা যুৱকক হে শিক্ষকৰ চাকৰিত মকৰল কৰিছে তেনে সময়ত পঞ্চম শ্ৰেণীৰ উত্তীৰ্ণ এগৰাকী অশিক্ষকে পাঠদান কৰাৰ নামত নিৰ্যাতন চলোৱা কাৰ্যত ক্ষোভিত হৈ পৰিছে অভিবাৱক৷

সপ্তাহ পুৰ্বে নিৰ্বাচনত জয়ী হৈ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হোৱা আলতাবে বিদ্যালয় খনৰ প্ৰধান শিক্ষক জলাল উদ্দিনৰ সহযোগত একনায়কত্ব চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে। ছাত্ৰগৰাকীৰ পিতৃয়ে প্ৰায়েই বিদ্যালয়ত উপস্থিত নথকা প্ৰধান শিক্ষকজনে বিগত প্ৰায় ২২ বছৰৰ পৰা একেখন বিদ্যালয়ত নিজ ইচ্ছা মতে বিদ্যালয় চলোৱাৰ অভিযোগ উত্থাপন কৰে। প্ৰধান শিক্ষক জলাল উদ্দিন আৰু পৰিচালনা সমিতিৰ সভাপতি আলতাব হুছেইনৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ছাত্ৰৰ পৰিয়ালে।