
মঙলদৈঃ আজি ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস। আজিও যেন শিক্ষকসকল পদে পদে সমস্যাৰে জৰ্জৰিত। কোনো চৰাঞ্চল নহয়, বৰঞ্চ মঙলদৈ চহৰৰ সমীপবৰ্ত্তী ৯ নং ওৱাৰ্ডত আছে এখন বিশেষ বিদ্যালয়। যিখন বিদ্যালয় বছৰেকৰ ছমাহেই থাকে পানীৰ তলত।
৯ নং ওৱাৰ্ডৰ ৰাজাপামত ১৯৬৯ চনতেই স্থাপন হৈছিল গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয় খন। কিন্তু এই বিদ্যালয় খনত এতিয়া এক ভয়াবহ পৰিবেশে বিৰাজ কৰিছে। বিদ্যালয় খনৰ চাৰিওফালে এতিয়া পানী। এনেদৰে বছৰেকৰ ছমাহ পানীৰ তলতেই থাকে বিদ্যালয়খন। ফলত বিভিন্ন সমস্যাত পৰিৱ লগা হৈছে শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰী সকল। চাৰিওফালে আছে দ দ খাৱৈ।
ছাত্ৰ ছাত্ৰীও আহিব লাগে একাঠু পানীৰ মাজেৰে। এনে বিপজ্জনক পৰিবেশৰ মাজতেই শিক্ষক সকলে পহৰা দি হলেও গুৰুশিক্ষা প্ৰদান কৰি আহিছে ছাত্ৰ ছাত্ৰী সকলক। লগতে আজি শিক্ষক দিৱসৰ দিনটোত ছাত্ৰ ছাত্ৰী সকলে শিক্ষকৰ পৰা লৈছে আশীৰ্বাদ। নানা সমস্যাৰ মাজতো কিন্তু স্কুলখনতো শ্ৰদ্ধাৰে স্মৰণ কৰিছে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক৷
আনহাতে পূৰ্বতে বিদ্যালয় খনত বহু ছাত্ৰ ছাত্ৰী আছিল যদিও এনে বিপজ্জনক পৰিবেশৰ বাবে অভিভাৱক সকলে নিজৰ লৰা ছোৱালীক অন্য বিদ্যালয়লৈ স্থানান্তৰিত কৰিছে৷ বিদ্যালয় খনত বৰ্তমান মাত্ৰ ৪৬ গৰাকী ছাত্ৰ ছাত্ৰী আছে। এতিয়া স্থানীয় ৰাইজৰ লগতে সমাজৰ সচেতন ব্যক্তিয়ে প্ৰশাসন তথা চৰকাৰক অনুৰোধ কৰিছে যাতে এই সমস্যাসমূহ ব্যৱস্থা গ্ৰহণ কৰি সঠিক পৰিবেশত শিক্ষা প্ৰদান কৰিব পাৰে৷