শৈক্ষিক উন্নয়ন! এতিয়াও বস্তা পাৰি বহিব লাগে ছাত্ৰ-ছাত্ৰীয়ে

Fulton
Fulton

ধেমাজিঃ শিক্ষা বিভাগৰ আমূল সংস্কাৰৰ কথা কৈ ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে গুণোৎসৱ পাতি শিক্ষাৰ উৎকৰ্ষ সাধনৰ বাবে খৰচ কৰিছে কোটি কোটি টকা। কিন্তু প্ৰকৃততে কেনেদৰে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ৷ চিলাপথাৰ নগৰৰ নিচেই সমীপৰ চিলাপথাৰ-লিকাবালি পথত থকা ঘাৰমৰা আদৰ্শ সত্ৰ প্ৰাথমিক বিদ্যালয়খনৰ সংকটজনক অৱস্থাতো দেখিলেই হিমন্ত বিশ্ব শৰ্মাৰ যে সৰ্বকালৰ এজন ব্যৰ্থ মন্ত্ৰী সেই কথা স্পষ্ট হ'ব। 

শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিবলৈ এইখন বিদ্যালয়লৈ দৈনিক অহা যোৱা কৰে। কিন্তু বিদ্যালয়খনৰ অৱস্থা বিদ্যালয় গৃহৰ নামত গোহালি সদৃশ এটা ঘৰহে। বৰষুণ দিলে ভিতৰত থাকিব নোৱাৰি। বহুবছৰীয়া ফটাচিতা টিনবোৰ মামৰে ধৰিছে। ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই বেঞ্চ ডেস্কৰ নূন্যতমো সুবিধা। 

ষাঠি দশকৰ বিদ্যালয়ৰ আৰ্হিত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বহিবলৈ লগত লৈ যায় বস্তা। বিদ্যালয় চৌহদত থকা গছৰ ডালত ওলোমাই ৰাখে তেওঁলোকৰ স্কুল বেগ। বিদ্যালয়ৰ বেৰসমূহ তাতোকৈ দুখজনক। বিদ্যালয়খনত নাই কোনো বাউণ্ডাৰী ৱাল বা বাঁহৰ জেওৰা। উন্মুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এখন জৰাজীৰ্ণ চৰকাৰী প্ৰাথমিক বিদ্যালয় খনে উদঙাইছে চতুৰ মন্ত্ৰীগৰাকীৰ আচল স্বৰূপতো। 

আনহাতে বিদ্যালয়খনৰ প্ৰতি চৰকাৰে কোনো দৃষ্টি নিদিয়াত উপায়ন্তৰ হৈ স্থানীয় ৰাইজে মেৰামতি কৰিবলগীয়া হল বিদ্যালয়খন। নিজকে সফল শিক্ষামন্ত্ৰী বুলি ফিতাহি মৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ এনে জৰাজীৰ্ণ ৰূপ দেখি সচেতন মহলে তীব্ৰ গৰিহৱা দিছে৷