জাজৰিত বিশেষভাৱে সক্ষম বিদ্যালয়ৰ শিলান্যাস স্থাপন

নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত মাজগাঁৱৰ স্বচ্ছাসেৱী অনুষ্ঠান স্বৰ্গীয় কলেশ্বৰ ডেকা জাতীয় ন্যাসে বিগত ২০১৫ চনৰে পৰা সমাজৰ উন্নয়ণাৰ্থে বিভিন্ন ব্যতিক্ৰমী কাম-কাজ ৰূপায়ণ কৰি আহিছে ৷ ইয়াৰ অংশ হিচাপে এই ন্যাসে মাজগাঁও 'জোনাকী ক্ষেত্ৰ'ত বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধাৰ্থে এখন শিক্ষানুষ্ঠান স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি ইয়াৰ আধাৰশিলা স্থাপন কৰে৷

অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমিৰ নিচেই সমীপৱৰ্তী মাজগাঁৱত 'বটদ্ৰৱা বিশেষভাৱে সক্ষম বিদ্যালয়' নামেৰে স্থাপন কৰা এই শিক্ষানুষ্ঠাখনিৰ আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনযোৰাকৈ 'আহক আমি পোহৰ বিলাও'শীৰ্ষক এটি মনোগ্ৰাহী অনুষ্ঠানো অনুষ্ঠিত কৰা হয়৷

এই মৰ্মে পুৱা পুৱাৰ ভাগত থগি শইকীয়াই পতাকা উত্তোলন কৰাৰ পিছতে পৰিবেশ সজাগতাৰ দৰে মহৎ উদ্দেশ্য আগত ৰাখি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিয়লি অৱসৰপ্ৰাপ্ত অধ্যক্ষ জগন্নাথ গোস্বামীৰ পৌৰহ্যিতত অনুষ্ঠিত হোৱা মুকলি সভাত মূখ্য অতিথিৰূপে গণশিল্পী সূৰ্য দাসে অংশগ্ৰহণ কৰি নিজৰ জীৱনৰ অতীতৰ দিনবোৰৰ কথা স্মৰণ কৰি আৱেগিক হৈ পৰাৰ লগতে বহুকেইটা চিৰস্মৰণীয় গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷

ন্যাসৰ সভাপতি কমলা কোঁচে আদৰণি ভাষণ প্ৰদান কৰা আৰু সচিব ৰাহুল দেৱ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত শিক্ষাবিদ অশোক বৰঠাকুৰ,থগিত মহন্ত,প্ৰৱীন শিল্পী কিৰণ দাস, সমাজকৰ্মী যজ্ঞেশ্বৰ বৰা, প্ৰদীপ দত্ত, জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

পাপৰি বৰুৱাৰ দ্বাৰা বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা এই সভাতে বটদ্ৰৱা সমষ্টিৰ মুঠ ৮ গৰাকী অন্ধলোকক ন্যাসৰ তৰফৰ পৰা অনুদান বিতৰণ কৰা হয় ৷ এই সভাৰ পিছতে বিশেষভাৱে সক্ষম তথা অন্ধ শিল্পীৰ দ্বাৰা আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে দিনযোৰা কাৰ্যসূচীৰ সামৰণি পেলোৱা হয় ৷