
বাইহাটা চাৰিঅালিঃ এইবাৰ চোৰৰ টাৰ্গেট বিদ্যালয়৷ কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰ অঞ্চলয় চোৰে টাৰ্গেট কৰে বিদ্যালয়ৰ টেলিভিছন-কম্পিউটাৰক৷
মদনপুৰ মজলীয়া বিদ্যালয়ত চোৰে মঙলবাৰে নিশা অভিযান চলাই এটা টেলিভিছনসহ কম্পিউটাৰ চুৰি কৰি নিয়ে। বিদ্যালয় খনৰ এটা কোঠাৰ দৰ্জাৰ তলা ভাঙি চোৰে চুৰি কৰি নিয়ে টেলিভিছন আৰু কম্পিউটাৰ।
চোৰে অন্য কোঠালীৰ তলা ভঙাৰ লগতে খিড়ীকী আদিও ভাঙি থৈ যায়। পুৱাৰ ভাগত চকীদাৰে বিদ্যালয়ৰ কোঠাসমূহ খুলিবলৈ অহাৰ সময়ত পোহৰলৈ অাহে এই ঘটনা। প্ৰধান শিক্ষকগৰাকীয়ে ঘটনা সন্দৰ্ভত চাংসাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷
আৰক্ষীয়ে বিদ্যালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। নৈশ চকীদাৰ নথকা গাঁও ৰক্ষীবাহিনীৰ নিষ্ক্ৰিয়তাৰ সুযোগত উত্তৰ কামৰূপৰ বিদ্যালয়সমূহ চোৰে সহজে চুৰি কাৰ্য কৰিব পাৰে বুলি মত ব্যক্ত কৰিছে স্থানীয় ৰাইজে।