ৰাজ্যিক স্কাউট এণ্ড গাইডৰ মুখ্যমন্ত্ৰীৰ সমাৰোহৰ প্ৰস্তুতি

গুৱাহাটীঃ পোন প্ৰথমবাৰলৈ অসমত হ’বলৈ গৈ আছে ৰাজ্যিক পৰ্য্যায়ৰ স্কাউট আৰু গাইডৰ মুখ্যমন্ত্ৰীৰ সমাৰোহ। অহা ৮ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ গুৱাহাটীৰ ৰিফাইনাৰী চেক্টৰ ২ৰ খেলপথাৰত অনুষ্ঠিত হ'ব এই ৰাজ্যিক পৰ্য্যায়ৰ সমাৰোহ। য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ন-পুৰণি স্কাউট গাইডৰ সদস্য সকল।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি এই সমাৰোহৰ বিষয়ে সবিশেষ জানিবলৈ দিয়ে অসম গাইডৰ মূখ্য সহায়িকা জুনু ৰাজখোৱাই। আজিৰ সংবাদ মেলখনত উপস্থিত থাকে ৰাজ্যিক আয়োজক সমিতিৰ অধ্যক্ষা লীনা দত্ত, ৰাজ্যিক সচিব খগেন্দ্ৰ নাথ দাস, ৰাজ্যিক কাৰ্যমূলক কমিচনাৰ অৰুণিমা দেৱী আৰু কুসুম চন্দ্ৰ শৰ্মা আৰু মূখ্য কাৰ্যালয় সহায়ক ৰঞ্জিত কুমাৰ দাস।

সমাৰোহৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত। সৰ্বমুঠ ১৬ টা পৰ্যায়ত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা।সকলোতকৈ আকৰ্ষণীয় প্ৰতিযোগিতাটো হ’ব 'ফুড প্লাজা'৷ য’ত সামান্যতম বস্তুৰে খাদ্য প্ৰস্তুত কৰিব লাগিব।