
খেৰণিঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ শিক্ষাৰ হাৰ বৃদ্ধি, মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে বিভিন্ন আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ অন্যান্য স্থানৰ দৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামতো দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীলৈ বিনামূলীয়া চাইকেল প্ৰদান কৰে শিক্ষা বিভাগে।
ডংকামোকামস্থিত ডংকামোকাম হাই স্কুলত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’, পৰিষদীয় সদস্য মংগলছিং তিমুং, বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়-ববীয়াৰ উপস্থিতিত বিনামূলীয়া চাইকেল বিতৰণ কৰে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷
ছাত্ৰ-ছাত্রীক উদ্দেশ্যি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে শিক্ষাই ব্যক্তিৰ অন্তর্নিহিত গুণাৱলীক পূর্ণ বিকাশ কৰে আৰু তেনে ব্যক্তিত্বৰ ব্যক্তিৰ কৰ্মৰাজিয়ে এখন দেশৰ প্ৰগতি, উন্নয়ন আৰু বিকাশত সহায় কৰে। উজ্জ্বল ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা অপৰিসীম। সেয়ে নৱ প্ৰজন্মই প্ৰতিযোগিতামূলকভাৱে শিক্ষাক জীৱনৰ এক অপৰিহাৰ্য অংশ হিচাপে জ্ঞান কৰি শিক্ষাৰ মাধ্যমেৰে জ্ঞান অৰ্জনৰ গুৰুত্ব দিব লাগে বা দিয়াৰ প্ৰয়োজন।
আনহাতে অন্যান্য ছাত্ৰ-ছাত্ৰীৰ লগতে বিনামূলীয়াকৈ চাইকেল লাভ কৰা ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি গুণগত শিক্ষা লাভৰ দিহা-দি ছাত্ৰ-ছাত্ৰীসকলক বহু মননশীল গুণৰ অধিকাৰী হোৱাৰ কামনা কৰে ৰংহাঙে।