'ৰং কিনিবা কোনে'ৰ স্ৰষ্টা সেৱাব্ৰত বৰুৱালৈ এনাজৰী বঁটা

গুৱাহাটীঃ সামাজিক-সাংস্কৃতিক সংস্থা এনাজৰীৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত সেৱাব্ৰত বৰুৱালৈ মহানন্দ শৰ্মাক এনাজৰী বঁটা প্ৰদান কৰা হয়। ভ্ৰাম্যমাণ নাট্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বৰুৱাক এই বঁটা প্ৰদান।

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক সৌষ্ঠৱপুৰ্ণ পৰিৱেশত বৰুৱালৈ এই বঁটা প্ৰদান কৰা হয়।     

১৪ বছৰ বয়সৰপৰা নাটক লিখিবলৈ আৰম্ভ কৰা বৰুৱাই চাৰিটাৰো অধিক দশক জুৰি ভ্ৰাম্যমাম নাটকৰ পেছাদাৰী ক্ষেত্ৰখনত এখনৰ পিছত আনখন জনপ্ৰিয় নাটক লিখিছে। 

সমাজ জীৱনক চুই যোৱা বৰুৱাই অসমীয়া কবিতা আৰু গানৰ আঁৰৰ কথাক কাহিনী ৰূপ দিয়াত বিশেষ ধাৰাৰ সৃষ্টি কৰে।

বিশেষকৈ ভূপেন হাজৰিকাৰ শৈশৱতে ধেমালীতে, ৰং কিনিবা কোনে আদি গীতটোৰ নাট্যৰূপে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিছিল।

মমতাৰ চিঠিৰ নাৰী চৰিত্ৰক ভ্ৰাম্যমানৰ মঞ্চলৈ অনা বৰুৱাই নিজৰ কৰ্মৰাজীৰ বাবে ৫০  ৰো অধিক বঁটা লাভ কৰিছে।