তিনিচুকীয়া আৰক্ষীয়ে দিয়া নাই গুৰুত্ব, ১২ বছৰীয়া সেৱক বাল্মীকি কলৈ গল

গুৱাহাটীঃ পুত্ৰক বিচাৰি হাহাকাৰ কৰিছে এগৰাকী মাতৃয়ে৷ ব্যাকুল হৈ পৰিছে পুত্ৰৰ মুখ খন চাবলৈ৷ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া সদৰ থানাৰ অন্তৰ্গত ৰেলৱে কলনিৰ সুৰেশ বাল্মিকী আৰু অনিতা বাল্মিকীৰ ১২ বছৰীয়া পুত্ৰ সেৱক বাল্মিকী যোৱা ৬০ ঘন্টা ধৰি নিৰুদ্দেশ হৈ থকাত মাতৃয়ে হাহকাৰ কৰা পৰিলক্ষিত হৈছে৷

যোৱা ১৮ অক্টোবৰৰ বিয়লি ৫ বজাত ৰেলৱে কলনিৰ পৰা নিৰুদ্দশ হয় সেৱক৷ ১৯ অক্টোবৰত পৰিয়ালে তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰে যদিও তিনিচুকীয়া আৰক্ষীয়ে ১২ বছৰীয়া কিশোৰৰ নিৰুদ্দেশৰ ঘটনাক তিলমোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে৷

সেৱকৰ মোমায়েক সুৰজ কুমাৰে প্রশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ১২ বছকৰীয়া কিশোৰ এজনৰ নিৰুদ্দেশৰ ঘটনাক প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত আক্ষেপ প্ৰকাশ কৰে৷ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰপত্তাৰ বাবে নিয়োজিত লোকে গুৰুত্ব আৰোপ নকৰাত তিনিচুকীয়া ৰেলৱে কলনিৰ ৯৬নং ঘৰত বসবাস কৰা পৰিয়ালটোৱে দুখত ভাগি পৰিছে৷ কোনো লোকে কিশোৰটোৰ কোনো সম্ভেদ পালে ৭৬৩৬০-০৫১৯২ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই পৰিয়ালে৷