
নলবাৰীঃ একো একো খন বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পৰাই আৰম্ভ হয় ছাত্ৰৰ ৰাজনীতি৷ ছাত্ৰৰ ৰাজনীতিয়ে বিশেষ ভূমিকাৰ গ্ৰহণ কৰি আহিছে অসমৰ ৰাজনীতিৰ পথাৰ খনত৷ বৰ্তমানৰ ৰাজনীতিৰ পথাৰ খনত সক্ৰিয় হৈ থকা অসমৰ প্ৰেয় খিনি নেতাই ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিল৷ শাসক বিৰোধিৰ প্ৰায় নেতা ছাত্ৰৰ ৰাজনীতিৰ পৰা অহা৷ সেয়া প্ৰফুল্ল মহন্তই হওক, বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হওক সকলো ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ আহিছে৷
ৰাজ্য খনৰ ছাত্ৰ ৰাজনীতিয়ে সময়ে সময়ে শিৰোণাম দখল কৰিলেও ৰাজ্যত আছে এখন ব্যতিক্ৰম মহাবিদ্যালয়৷ যিখন বিদ্যালয়ত ছাত্ৰই ৰাজনীতি নকৰে৷ কাৰণ তেওলোকৰ মহীবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নহয়৷ তেওলোকে বাছনি কৰে ছাত্ৰ একতা সভাৰ পদৰ বাবে যোগ্য ছাত্ৰক৷ নিৰ্বাচনৰ প্ৰচাৰ, ৰাজনৈতিক দলৰ হস্তক্ষেপ, অৰ্থৰ অপচয় ৰোধৰ বাবে এই পন্থা নিশ্চয় শলাগলবলগীয়া৷
নলবাৰীৰ অগ্নিশাল সত্ৰৰ উচ্চ শিক্ষানুষ্ঠান দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বাছনি শনিবাৰে অনুষ্ঠিত হয়৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ ৰাধানাথ কলিতা আৰু নিৰ্বাচনৰ মূখ্য দায়িত্বত থকা বাছনি সমিতিৰ সম্পাদক তথা প্ৰৱক্তা দীজেন্দ্ৰ নাৰায়ণ শৰ্মা সহ-অধ্যাপক, প্ৰৱক্তা সকলৰ তৎপৰতাত নিৰ্বাচনৰ বিপৰীতে বাছনি প্ৰক্ৰিয়াৰে ছাত্ৰ একতা সভাৰ সমিতি গঠন কৰে।
বাছনি সমিতিৰ সম্পাদক দীজেন্দ্ৰ নাৰায়ণ শৰ্মাই দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে বৰ্তমানৰ ছাত্ৰ ৰাজনীতিত এক আদৰ্শ দাঙি ধৰিলে বুলি কয়। যোগ্য জনে সুযোগ পাব লাগে। মাথো সৰ্বসন্মতি ক্ৰমে হ’ব লাগে। এনে পদক্ষেপ সকলো মহাবিদ্যালয়ত হোৱা উচিত। কাৰণ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনতে বহু টকাৰ অপচয় হয়। আনকি মাৰ-ধৰ কাজিয়া পৰ্যন্ত হয়। যাৰ ফলত যোগ্য জনে স্থান নাপায় আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ সমাজে নিৰ্বাচন পদ্ধতিত সুযোগ নাপায় বুলি কয় শৰ্মাই।
মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সমিতি খনৰ বাছনি প্ৰক্ৰিয়াত সৰ্বসন্মতি ক্ৰমে সম্পাদক চিন্ময় কলিতা, সহ-সম্পাদক চিন্তুমণি ডেকা, খেল বিভাগৰ কুলদীপ হুজুৰী, সাংস্কৃতিক বিভাগৰ বলুকা শৰ্মা, আলোচনী বিভাগৰ আমানুৰ হক, ছাত্ৰ জিৰণি চ'ৰা পুলকেশ ডেকা, ছাত্ৰী জিৰণি চ'ৰা মীনাক্ষী ৰাজবংশী আৰু সমাজসেৱা বিভাগত উপাসনা ৰাজবংশীক বাছনি কৰা হয়।
মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নৱ নিৰ্বাচিত সমিতিক বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত দাস, সাধাৰণ সম্পাদক অলকেশ ডেকা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বাঁহজনী আঞ্চলিক সমিতিৰ সভাপতি আবুল হুছেইন, সাধাৰণ সম্পাদক হিৰণ্য ভট্টাচাৰ্য, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক নয়নজ্যোতি শৰ্মা, বাঁহজনী শাখাৰ নেতা লাচিত মেধি, হিমাংশু শৰ্মা, ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ জিলা নেত্ৰী মৌচুমী গোস্বামী, ভাৰতৰ গণতান্ত্ৰিক যুৱ-ছাত্ৰ ফেডাৰেছনৰ নলবাৰী আঞ্চলিক সমিতিৰ নেতা মনোৱাৰ হুছেইন সহ বিভিন্ন সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে সমিতি খনত।