
জাজৰিঃ এটি মহিলা গ্ৰাম্য সংগঠনৰ প্ৰায় ৩০-৩৫ গৰাকী মহিলাই দৰিদ্ৰ হিতাধিকাৰীৰ বাবে অাৱণ্টন দিয়া অনাময় আঁচনিৰ শৌচাগাৰ নিজে দায়িত্বলৈ চোৱাচিতা কৰি নিৰ্মাণ কৰা কাৰ্যক প্ৰশংসা কৰে ৰাইজে। বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত কাকমাৰি গাঁও পঞ্চায়তত মহিলাই দৰিদ্ৰ হিতাধিকাৰীৰ বাবে অাৱণ্টন দিয়া অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণ কৰে বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, দলংঘাট গ্ৰামীণ জীৱিকা অভিযানৰ পঞ্জীয়ন প্ৰাপ্ত মহিলা আত্মসহায়ক গোটে গঠন কৰা কাকমাৰি গাঁও পঞ্চায়তৰ খালৈগাঁৱৰ ৰাংঢালী গ্ৰাম্য সংগঠনৰ মহিলাসকলে অঞ্চলটোৰ দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে আৱণ্টন দিয়া অনাময় শৌচালয় বিভাগৰ নিৰ্দেশ মতে নিৰ্মাণ কৰে।
প্ৰথম পৰ্যায়ত গ্ৰাম্য সংগঠনটোৰ নিজা পুঁজিৰে যাৱতীয় সামগ্ৰী ক্ৰয় কৰি শৌচালয়সমূহ নিৰ্মাণ কৰাৰ পাছত বিভাগটোৰ বিষয়াই শৌচাগাৰ সমূহ নিৰিক্ষণ কৰি মহিলা গ্ৰাম্য সংগঠনৰ সভাপতি বিউটি দেৱী আৰু সম্পাদিকা ৰঞ্জুমনি ডেকাৰ লগতে সকলো সদস্যক প্ৰশংসা কৰে।
গ্ৰাম্য সংগঠনটোৰ খালৈগাঁওস্থিত কাৰ্যালয়ত এখন সভাও অনুষ্ঠিত হয়। ৰাংঢালী গ্ৰাম্য সংগঠনৰ সভানেত্রী বিউটি দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলংঘাট উন্নয়ন খণ্ডৰ এন আৰ এল এমৰ ব্লক সমন্বয়ক কল্যাণ সোণোৱাল, কাকমাৰি গাঁও পঞ্চায়তৰ জীৱিকা সখী দিপুমণি বৰদলৈ, গ্ৰাম্য সংগঠনটোৰ সম্পাদিকা ৰঞ্জুমনি ডেকাই ভাষণ আগবঢ়ায়৷