ডিব্ৰুগড়ৰ বিশিষ্ট সমাজকৰ্মী উপেন্দ্ৰনাথ কোঁৱৰৰ মৃত্যু

ডিব্ৰুগড়ঃ বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিককৰ্মী উপেন্দ্ৰনাথ কোঁৱৰৰ বুধবাৰে ডিব্ৰুগড়স্থিত শ্রীমন্ত শংকৰদেৱ চিকিৎসালয়ত চিকিৎসাধিন অৱস্থাত মৃত্যু হয়৷ প্ৰাক্তন অালফা নেতা তথা ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী সৌৰভ গগৈ ওৰফে হৃদয়ান্দ কোঁৱৰৰ পিতৃ আছি উপেন্দ্ৰনাথ কোঁৱৰ৷ ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চত্রুৰ অন্তৰ্গত ৰহমৰীয়া মৌজা কোঁৱৰ গাঁৱত জন্ম গ্ৰহন কৰা উপেন্দ্ৰনাথ কোঁৱৰ অসম চৰকাৰৰ অাবকাৰী বিভাগৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে৷

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অসম সাংস্কৃতিক মহাসভাৰ ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠাপক সভাপতি অাছিল৷ মৃত্যুৰ সময়ত তেওৰ বয়স অাছিল ৯০ বছৰ৷ উপেন্দ্ৰনাথ কোঁৱৰে মৃত্যুৰ সময়ত ইহসংসাৰত দুজন পুত্র, দুগৰাকী কন্যা, নাতি-নাতিনী অাৰু বহুজনক এই সংসাৰত এৰি থৈ যায়৷

তেওৰ মৃত্যুত মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সংখ্যালঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলাৰ উপদেষ্টা ছফি অালম খান, লাহোৱাল প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ধৰণী গগৈ, অসম সাংস্কৃতিক মহাসভাৰ ডিব্ৰুগড় জিলা সম্পাদক ভাস্কৰ মৰাণ, সাংগঠনিক সম্পাদক অজয় গোহাঁই, সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷