বিলাসীপাৰাত জেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত ২৭ তম আন্তৰ্জাতিক জেষ্ঠ নাগৰিক দিৱস উদযাপন

newsnextoneবিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত আন আন বছৰৰ দৰে এইবছৰো বিলাসীপাৰাৰ জেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত ২৮ তম আন্তৰ্জাতিক জেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়। আজি ২৮ তম আন্তৰ্জাতিক জেষ্ঠ নাগৰিক দিৱস উদযাপনৰ কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা দহ বজাত পতাকা উত্তোলন কৰে বিলাসীপাৰাৰ জেষ্ঠ নাগৰিক সন্থাৰ সভাপতি জগানন্দ বৰকলিতা দেৱে। ৰাতিপুৱা ১০.৩০ বজাত স্মৃতি তৰ্পণ অনুষ্ঠানত মাল্য অৰ্পণ কৰা হয়। 

বিলাসীপাৰা জেষ্ঠ নাগৰিক সন্হা ৰ জেষ্ঠ নাগৰিক তথা এ আই ইউ ডি এফৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি আলহাজ আব্দুল খালেক চাহাব, বিলাসীপাৰা জেষ্ঠ নাগৰিক সন্হাৰ সাধাৰণ সম্পাদক শ্ৰীযুত দয়াল পালে ধুপধুনা, ফুল, মমবাতি জ্বলাই স্মৃতি তৰ্পণৰ মাল্য অৰ্পণ কৰে। নাগৰিক সন্থাৰ জেষ্ঠ নাগৰিক সকলে বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰৰ পৰা বিলাসীপাৰাৰ মাজ মজিয়াৰে এক শোভাযাত্ৰা উলিয়াই বিলাসীপাৰা মহকুমা গ্ৰন্থাগাৰ প্ৰাঙ্গণত আন্তৰ্জাতিক জেষ্ঠ নাগৰিক দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত কৰে। সভাত সভাপতিত্ব কৰে বিলাসীপাৰা জেষ্ঠ নাগৰিক সন্থাৰ উপদেষ্টা জগানন্দ বৰকলিতা দেৱে। উক্ত সভাত চাৰি গৰাকী জেষ্ঠ নাগৰিকক মান-পত্র ফুলাম গামোচা আদিৰে সন্মান জনোৱা হয়। 

উল্লেখযোগ্য যে আন্তৰ্জাতিক জেষ্ঠ নাগৰিক দিৱস উদযাপন সম্পৰ্কে আৰু জেষ্ঠ নাগৰিক সকলৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে বিভিন্ন বক্তাই বক্তৃতা প্ৰদান কৰে। সভাত বিশিষ্ট অতিথি হিচাপে ডা: কানুলাল দাসে উপস্থিত থাকি স্বাস্থ্য সম্পৰ্কীয় ভাষন প্ৰদান কৰে। ড৹ হৰি চৰণ দাসে জেষ্ঠ নাগৰিকৰ সভাত উপস্থিত থাকি আন্তৰ্জাতিক জেষ্ঠ নাগৰিক দিৱস উদযাপন কৰাৰ জেষ্ঠ নাগৰিক সকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে জেষ্ঠ নাগৰিক সকলৰ মাজত গছ পুলি বিতৰণ কৰে। 

বিলাসীপাৰা মহকুমাৰ বিশেষকৈ বিলাসীপাৰাত খোৱা পানীৰ ব্যৱস্থা নথকাত জেষ্ঠ নাগৰিক সন্থাৰ জেষ্ঠ নাগৰিক দয়াল পাল দেৱে গভীৰ উদ্বেগ প্ৰকাশ কৰে। দয়াল পাল দেৱে আৰু কয় যে অহা এক সপ্তাহৰ ভিতৰত বিলাসীপাৰাত খোৱা পানীৰ ব্যৱস্থা সম্পৰ্কে বিলাসীপাৰা নগৰ সমিতি কাৰ্য্যলয়ত ধৰ্ণা দিয়া হ’ব বুলি সকলো জেষ্ঠ নাগৰিক সন্থাৰ জেষ্ঠ নাগৰিক সকলক উক্ত কাৰ্য্যসূচীত উপস্থিত থাকিবলৈ আহ্বান জনায়।