
নামতিঃ নাগালেণ্ড চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰ প্রাপ্ত কর্মচাৰী শিৱসাগৰ জিলাৰ নামতি সমীপৰ মিছাজান অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী জোন আটাউৰ ৰহমান (৮০)ৰ মঙলবাৰে পুৱা ৯ নিজা বাসগৃহত মৃত্যু হয়।
মধুমেহ ৰোগত আক্রান্ত হৈ মৃত্যুক আকোৱালি লোৱা আটাউৰ ৰহমানে দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ স্বাস্থ্য গাননিক পদত কাৰ্য নিৰ্বাহ কৰি অৱসৰ গ্ৰহণৰ পিছৰে পৰা স্থানীয় শংকৰদেৰ বিদ্যালয়, নামতি চাৰি আলি উজনি অসম হজৰত আজানপীৰ চিনিয়ৰ মাদ্রাছা আৰু মিছাজান পাঁচআলি মছজিদ সমিতিৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল।
মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্র, এগৰাকী বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহ-সংসাৰত এৰি থৈ যায়। তেওঁৰ জানাজা মিছাজান বৰ মছজিদ প্ৰাংগনত মঙলবাৰে বিয়লি ৪ বজাত সম্পন্ন কৰা হয়। ইফালে জোন আটাউৰ ৰহমানৰ মৃত্যুত মিছাজান পাঁচ আলি মছজিদ কমিটি, মিছাজান যুৱ সমাজ, মিছাজান আহমদীয়া হাফিজীয়া মাদ্ৰাছা, মিছাজান বৰ মছজিদ কবৰস্থান সমিতি, নামতি আঞ্চলিক আছু, আমছু, বৰ অসম প্রজা পৰিষদ, আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতি তথা স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰে ।