
আমগুৰিঃ ফুটবলৰ জ্বৰত আক্ৰান্ত শিৱসাগৰ জিলাৰ আমগুৰি৷ কেৱল আই এছ এলেই নহয়, ৰাজ্যৰ চুকে কোণে এতিয়া ফুটবলৰ বতাহ। শিৱসাগৰৰ আমগুৰিত যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে ফুটবলৰ জনপ্ৰিয়তা৷ শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত বিভিন্ন পৰ্যায়ত অনুষ্ঠিত হৈছে কেইবাখনো ফুটবল প্ৰতিযোগিতা৷
আমগুৰিত সদৌ অসম ফুটবল সন্থাৰ তত্বাৱধানত, শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগিতাত আৰু আমগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে ক্ষীৰোদ বৰুৱা সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতা। সপ্তাহজোৰা বিস্তৃত কাৰ্যসূচীৰে এক বৰ্ণাঢ্য আয়োজনৰ মাজেৰে প্ৰতিযোগিতাখন আৰম্ভ হয়। আমগুৰি মিনি ষ্টেডিয়ামত অনুষ্ঠিত উদ্ধোধনী মেচত তিতাবৰ ফুটবল একাদশে শিৱসাগৰ একাদশৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।
শিৱসাগৰ ফুটবল একাদশে তিতাবৰ একাদশক ৬-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলুৱৈসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে তিনিখনকৈ মটৰ বাইকেৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈসকলক পুৰস্কৃত কৰা হ'ব। আকৰ্ষণীয় পুৰস্কাৰে গাঁও আৰু নগৰ অঞ্চল সমূহত প্ৰতিভাৱান খেলুৱৈ সৃষ্টি কৰাত সহায়ক হিচাপে পৰিগণিত হোৱাৰ আশা কৰা হৈছে।
আমগুৰিৰ আমগুৰি মিনি ষ্টেডিয়াম, দুৰ্লভ চন্দ্ৰ গগৈ হাইস্কুল খেলপথাৰ, আমগুৰি চাহ বাগিচা খেলপথাৰ, লাদৈগড় খেলপথাৰ, বৰপাত্ৰ দ'ল হাইস্কুল খেলপথাৰ আৰু জাঁজী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনত তেজপুৰ, ধুবুৰী, বিলাসীপাৰা, কাৰ্বি আংলং, ডিব্ৰুগড়, চৰাইদেউ, বোকাখাত, ছিলচৰ, ঢকুৱাখানা, গোৱালপাৰা, মৰিগাওঁ, চিৰাং, শদিয়া আদিকে ধৰি ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ ৩৮টা দলে অংশগ্ৰহণ কৰিব।