জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ শংকিত চেঁচাপানীৰ ৰাইজ

গোৱালপাৰঃ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ শংকিত হৈ পৰিছে হাজাৰ হাজাৰ লোক৷ নিদ্ৰাহৰণ হৈছে হাজাৰ হাজাৰ লোকৰ৷ কৃষি ভূমি, সন্তান, সম্পত্তিৰ সুৰক্ষাৰ কথা ভাবি শংকিত হৈ পৰে তেওলোকে৷ হয়, বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবে এতিয়া হাজাৰ হাজাৰ মানুহে হাতীৰ সৈতে যুজ দি জীয়াই থাকিব লগা হৈছে৷

পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা জাকে জাকে হাতীয়ে গোৱালপাৰা জিলাৰ দুধনৈ ৰাজহ চক্ৰৰ অন্তৰ্গত চেঁচাপানী অঞ্চলত আতংকৰ সৃষ্টি কৰে প্ৰতিদিনে৷ দিনৰ দিনটো জংঘলত সোমাই থকা হাতীৰ জাক সমূহে নিশা হলেই জনবসতিলৈ ঢাপলি মেলে।

কৃষি ভূমি নষ্ট কৰাৰ লগতে ঘৰ-বৰৰ ব্যাপক ক্ষতি কৰাৰ লগতে বহু মানুহক হত্যা কৰিছে৷ বৃহত্তৰ অঞ্চলটোৰ জনজীৱন বিগত বহু বছৰৰ পৰা জুৰুলা কৰি পেলাইছে। শষ্য চপোৱাৰ প্ৰায় দুমাহ পূৰ্বে প্ৰতি বছৰে এই অঞ্চললৈ আহে বনৰীয়া হাতীৰ জাক।

খেৰোপাৰা, কানকাটা, জিয়াগুৰী, চেঁচাপানী আদি গাঁৱত তাণ্ডৱ চলাই। জানিব পৰা মতে, অঞ্চলটোৰ লোকসকলক বন্যহস্তীয়ে আৰ্থিকভাবে বাৰুকৈয়ে প্ৰভাৱিত কৰি আহিছে৷ কৃষিপ্ৰধান অঞ্চলটোৰ লোকসকলে প্ৰতি বছৰে শালি ধানৰ খেতি পথাৰৰ পৰা আনি ভঁৰালত তুলিব নোৱাৰাৰ পৰিবেশ হৈছে৷

কলৰ বাগান, ৰবৰ বাগান আদিকে ধৰি বিভিন্ন দিশত ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে হাতীয়ে৷ বিগত কেইবাটাও বছৰত কেইবাজনো মানুহ হাতীৰ আক্ৰমনত নিহত হৈছে। আজিও তাণ্ডৱ চলাই আহিছে হাতীয়ে। গাঁও সমূহৰ লোকসকলে প্ৰতি নিশা পহৰা দি উজাগৰে পাৰ কৰিব লগা হৈছে। বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত অৱগত যদিও কোনো পদক্ষেপ লোৱা দেখা নাযায়৷