নীলোৎপল-অভিজিতৰ হত্যাৰ প্ৰতিবাদ, গাঁৱে-গাঁৱে বন্তি প্ৰজ্বলন, মৌন সমদল

newsnextone.com | ডিব্ৰুগড়ঃ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে৷ দেওবাৰে ৰাজ্যজুৰি ৰাইজ ৰাজপথলৈ ওলাই আহি ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

সোমবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে৷ এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ ছাত্র ফেডাৰেচনৰ এছ এফ আইৰ অসম ৰাজ্যিক সমিতিয়ে। ৰাজ্যিক সমিতিৰ সভাপতি কাশ্যপ চৌধুৰী অাৰু সাধাৰণ সম্পাদক নিৰংকুশ নাথে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি সন্দেহ তথা অন্ধবিশ্বাসৰ ফলত সংঘটিত হোৱা এই নাৰকীয় কাণ্ডক সভ্য সমাজৰ বাবে কলংক বুলি অভিহিত কৰে। ছাত্র সংগঠনটোৱে এই জঘন্য ঘটনাৰ উচিত তদন্ত কৰি ঘটনাৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনায়৷

মৃতকৰ পৰিয়াললৈ দহ লাখ টকাৰ এককালীন সাহায্য দিবলৈও এছ এফ আইয়ে দাবী উত্থাপন কৰিছে। কিছুমান উৰাবাতৰিক কেন্দ্ৰ কৰি ৰাজ্যখনত কিছুমান অকল্পনীয় ঘটনা ঘটিবলৈ লৈছে বুলিও আক্ষেপ কৰে। প্ৰশাসন ব্যৱস্থা দুৰ্বল হৈ পৰাৰ বাবে অন্ধবিশ্বাসৰ ৰূপ লৈ এনে ঘটনা দ্ৰুত গতিত বৃদ্ধি পাইছে বুলি কয়। 

এফালে বিভিন্ন প্ৰচাৰ মাধ্যম বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা উৰা বাতৰি প্ৰতিদিনে প্ৰচাৰ হৈ আছে বুলি কোৱাৰ লগতে, গাঁ‌ৱে-ভূঞে সাধাৰণ মানুহৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে বুলি কয় এছএফআয়ে। এনে অৱস্থাত ৰাজ্যৰ নানা ঠাইত বিভিন্ন অবাঞ্চিত আৰু হৃদয় বিদাৰক ঘটনা ঘটিবলৈ লৈছে। ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ বাবে চৰকাৰে কঠোৰ আৰু ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাৰ এছ এফ আইয়ে দাবী জনায়।

কাৰ্বি আংলঙৰ ঘটনাক কেন্দ্ৰ কৰি যাতে ৰাজ্যৰ অন্য প্ৰান্তত কোনো অপ্ৰীতিকৰ ঘটনা নঘটে তাৰবাবে সজাগ হ’বলৈ তথা উৰা-বাতৰি প্ৰচাৰ নকৰিবলৈ সকলো  ৰাইজক এছ এফ আইয়ে আহ্বান জনায়৷

অানহাতে যোৱা দেওবাৰে সন্ধিয়া ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত অভিজিৎ নাথ অাৰু নিলোৎপল দাসৰ অাত্মাৰ সদগতি কামনা কৰি শ্রদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰে৷ চাবুৱা এম ই এচ তিনিঅালিত জয়ন্তজিৎ বৰুৱাই অাঁতধৰা অনুষ্ঠানত প্ৰথমে চাবুৱা সাংবাদিক অৰুণ বৰপাত্র গোহাঁয়ে বন্তি প্ৰজ্বলনেৰে অাত্মাৰ সদগতি কামনা কৰে৷

দুলীয়াজানত পিপলছ গছৰ সমীপত যুৱক-যুৱতীয়ে, লাহোৱাল মহাবিদ্যালয়ৰ সমীপত লাহোৱালৰ সচেতন নাগৰিক, চাবুৱা চাৰিঅালিত ছাত্র মুক্তি সংগ্ৰাম সমিতি, মটক যুৱ-ছাত্র সন্মিলন, ভাৰত ছাত্র ফেডাৰেচন অাৰু বীৰ লাচিত সেনাই, টেঙাখাত নগৰৰ তিনিঅালিত টেঙাখাতৰ সমাজ সচেতন ব্যক্তিসকলে, ডিকমত মটক যুৱ-ছাত্র সন্মিলনে, হাতীআলি মৰিছা গাঁৱত মৰিছা গাঁৱৰ যুৱসকলে, মোহনবাৰীত স্থানীয় ৰাইজে নীলোৎপল অাৰু অভিজিতৰ অাত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে৷