উচ্চ শিক্ষা এতিয়া এমুঠি মানুহৰ হাতত

সৰভোগঃ এছএফআইৰ অসম ৰাজ্যিক সমিটিয়ে প্ৰতি বৰ্ষত দুবাৰকৈ নেট National Eligibility Test পৰীক্ষা অনুষ্ঠিত কৰাৰ নিয়ম বাহাল ৰখাৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰে৷

কটন বিশ্ববিদ্যালয়ৰ সমীপত প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰি ছাত্ৰ সংগঠনটোৱে জুলাই মাহত অনুষ্ঠিত হব লগা নেট পৰীক্ষা বিশ্ববিদ্যালয় অনুদান আয়োগে ১৯ নৱেম্বৰত অনুষ্ঠিত কৰিব যদিও ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা নেট পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে৷

সংগঠনটোৱে প্ৰতি বছৰে দুবাৰকৈ নেট পৰীক্ষা অনুষ্ঠিত হৈ আহিছিল যদিও শিক্ষা বিভাগে বছৰত এবাৰহে নেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধা গ্ৰহণ কৰাৰ লগতে পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ১৫ শতাংশৰ পৰা ৬% শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীক অন্যায় কৰা বুলি কয়৷

গৱেষণাৰ ক্ষেত্ৰতো আসন সংকুচিত কৰি এখন জাননী যোগে শিক্ষা বিভাগে M.Phill আৰু Ph.D কৰিব খোজা ছাত্ৰ-ছাত্ৰীৰ বাবে নেট বাধ্যতামূলক কৰিছে। যাৰ ফলত অতি কম আৰু নিৰ্দিষ্ট সংখ্যক ছাত্র-ছাত্ৰীয়েহে গৱেষণা কৰিবৰ বাবে সুযোগ লাভ কৰিব বুলি অভিযোগ কৰে সংগঠনটোৱে।

উচ্চ শিক্ষাক এমুঠি মান নিৰ্দিষ্ট মানুহৰ হাতত সীমাবদ্ধ কৰি ৰাখিবৰ বাবে কৰা পৰিকল্পিত ষড়যন্ত্ৰৰ আখ্যা দি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এছএফআই অসম ৰাজ্যিক সমিটিয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ এনে ছাত্র বিৰোধী নীতিক অতি সোনকালে বাতিল কৰিবৰ বাবে দাবী জনায়৷