জন্মজয়ন্তীত উদুলি মুদুলি জন্মস্থান বটদ্ৰৱা, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উদ্ভাসিত চৌদিশ

newsnextone.com| নগাঁওঃ গুৰু জনে দেখুৱাই যোৱা মানবতাবাদী দৰ্শনৰ বাবে অসমীয়া জাতি সৰ্বোপৰি মৰ্যদা সহকাৰে বিশ্বৰ বুকুত উজ্বলি থাকিব, এই মন্তব্য বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ভোগেশ্বৰ বৰাৰ। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম জন্ম জয়ন্তী উৎসৱ উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰি কাৰ্যকৰী সভাপতি গৰাকীয়ে কয় যে আজিৰ পৰা ৫৫০ বছৰ পূৰ্বে জগত গুৰুজনাই অস্পৃশ্যতা মুক্ত সমাজ গঢ়ি বৃহত্তৰ অসমীয়া জাতি সত্বাৰ মাজত সমন্বয়ৰ সেঁতু আৰু শৃংখলিত সমাজৰ পৰিকল্পনা কৰিছিল। গাৰোৰ গোবিন্দ , নগাৰ নৰোত্তম, যৱনৰ জয়হৰি, মুছলমানৰ চান্দসাঁই, মিৰিৰ জয়ন্তীয়া, কৈৱৰ্তৰ ৰমানন্দক প্ৰধান শিষ্যত্ব প্ৰদান কৰি শ্ৰেনীহীন সমাজ গঢ়ি থৈ গৈছিল।

আজি বিশ্বৰ মানৱ সমাজ গুৰুজনাৰ সাংস্কৃতিক উপাদান সমূহক লৈ মানৱতাবাদী আদৰ্শৰে আগবাঢ়ি যোৱাৰ বাবে বাটবুলিছে তাৎপয্য পূৰ্ণ মন্তব্য আগবঢ়াই। যোৱাকালিৰে পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত গুৰু জয়ন্তী উৎসৱৰ আজি দ্বিতীয় দিনা পুৱাৰ ভাগত থানৰ নিত্য নৈমিত্তিক প্ৰসঙ্গৰ পিছতে সত্ৰ সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ সমূহক সাৰোগত কৰি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। বটদ্ৰৱা থানৰ জাপি বাটচ'ৰাৰ পৰা আৰম্ভ হৈ শলগুৰি সত্ৰৰ মাজেৰে নগাঁও চহৰৰ ডিমৰুগুৰি তোৰণ আৰু শেনচোৱা তোৰণক প্ৰদক্ষিন কৰি হাটীচোং আৰু শিলপুখুৰী মৌজাৰ মাজেৰে প্ৰায় ৭০ কি.মি. ৰ জুৰি কেইবা শতাধিক সৰুবৰ যানবাহনেৰে জাতীয় সংস্কৃতি প্ৰতিফলিত হোৱা এই শোভাযাত্ৰাই আজি জাতীয় জীৱনত স্পন্দন তোলে।

জন্মোৎসৱ উপলক্ষে আজি তেৰাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাত এক উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হৈছে। পুৱাৰেপৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্ত বৈষ্ণৱ, দৰ্শনাৰ্থীৰ সোঁত বৈছে পৱিত্ৰ বটদ্ৰৱা থানলৈ। গুৰু বন্দনা, হৰিন‍ামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে বটদ্ৰৱা থান। দুপৰীয়া বটদ্ৰৱা থানত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক তীৰ্থযাত্ৰী দৰ্শনাৰ্থীৰ সমাগম হয়। হৰি নাম ভকতিৰ ৰসত বৈকুন্ঠ পুৰীলৈ পৰ্যবসিত হয় বটদ্ৰৱাৰ পৰিবেে। বিয়লি নাটঘৰ প্ৰাঙ্গনত চৰিত পাঠ অনুষ্ঠান, সন্ধিয়া থান চৌহদ, আকাশী গংগাৰ তীৰ, দৌল মন্দিৰৰ চৌহদ, সতীৰাধিকা স্মৃতিক্ষেত্ৰ আৰু বটদ্ৰৱাৰ দুয়োখন সত্ৰৰ গৃহস্থী ৰাইজৰ পদুলিয় পদুলিয়ে প্ৰজ্বলিত বন্তিৰ আলোক সজ্জা দৃষ্টিনন্দন হৈ পৰে। নিশা শলগুৰি সত্ৰৰ ৰাইজে নাটঘৰ প্ৰাঙ্গনত পৰিবেশন কৰা "নৃসিংহ যাত্ৰা" ভাওনাই উপস্থিত সকলোকে মুগ্ধ কৰে। কাইলৈ ২০ ছেপ্তেম্বৰ বৃহস্পতিবাৰে ৫৭০ তম গুৰু জয়ন্তী উৎসৱৰ সামৰণী দিনা আকাশী গঙ্গাৰ তীৰৰ আইখেৰসুঁতি সাংস্কৃতিক মঞ্চত এখনি ধৰ্মা লোচনী সভা অনুষ্ঠিত হ'ব। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত ধৰ্মালোচনী সভাত আদৰণী ভাষণ দিব বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক ব্ৰজেন কাকতিয়ে।

 সভাত অসমৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাগ চেনেলৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ, পদ্মশ্ৰী বটা প্ৰাপক সূৰ্য হাজৰিকা, অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত দাস, বিধায়ক ডিম্বেশ্বৰ দাস, ৰূপক শৰ্মা আৰু স্থানীয় বিধায়িকা আঙুৰ লতা ডেকা প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট লোকে অংশ গ্ৰহন কৰিব।