
newsnextone.com| তেজপুৰঃ পুৱাতেই সমগ্ৰ গাঁওখনত হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি প্ৰাতঃ প্ৰসঙ্গ তেজপুৰৰ বিভিন্ন প্ৰান্ত লগতে মিলনবাকৰি ৰাস মন্দিৰত নাম কীৰ্ত্তনৰে মুখৰিত কৰা দেখা গ’ল। বিগত বৰ্ষ বোৰৰ দৰে মহিলা বৃদ্ধ বণিতাই নামকীৰ্তন কৰিবলৈ ওলাই আহি নাম কীৰ্তনত ব্যস্ত থাকি শংকৰৰ বন্দনাত মুখৰিত হ’ল তেজপুৰৰ আকাশ-বতাহ৷ উল্লেখ্য যে আজি শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ৷ যাৰ বাবে সমগ্ৰ অসমৰ লগতে তেজপুৰৰ বিভিন্ন নামঘৰ সত্ৰত আয়োজন কৰিলে জগত গুৰজনাৰ আবিৰ্ভাৱ মহোৎসৱ ৷