
জাগুনঃ একেৰাহে ১৫ বছৰ শাসনৰ গাদী দখল কৰিও কংগ্ৰেছ দলে ৰাজ্যৰ খিলঞ্জীয়া-ভূমিপুত্ৰসকলৰ কোনো সমস্যা দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ২০০১ চনৰ পৰা ২০১৬ চনলৈকে তিনিটা কাৰ্যকালত কংগ্ৰেছ চৰকাৰৰ শাসনকৰ্তাসকলে কৰি গৈছিল মাথোঁ আধাৰশিলাৰ ৰাজনীতি৷ এই সময়চোৱাত ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজক কেৱল দুৰ্নীতি-ভ্ৰষ্টাচাৰে জৰ্জৰিত কৰি তুলিছিল৷
কংগ্ৰেছ চৰকাৰে সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰি তোলাত সময়ৰ সুৱৰ্ণ সুযোগ গ্ৰহণ কৰিছিল বিজেপি দলে৷ ৰাইজক পৰিৱৰ্তনৰ হাৱা খুৱাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ‘জাতি-মাটি-ভেটি’ সুৰক্ষা দিয়া তথা উন্নয়নৰ শ্ল’গান দি ৰাজ্যৰ শাসনভাৰ দখল কৰিলে৷ সকলোৱে ৰাজ্যত ভাল দিন অহাৰ আশাত বিশ্বাস ৰাখিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ মন্ত্ৰী সভাৰ ওপৰত৷
কিন্তু বৰ্তমান সময়ত বিজেপি চৰকাৰৰ প্ৰতি মোহভংগ ঘটিছে ৰাজ্যখনৰ সকলো জনসাধাৰণৰ৷ পৰিৱৰ্তনৰ নামত নিৰ্বাচনৰ আগতে দিয়া সকলো প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেনহে মাথো ৷ চৰকাৰখনে শাসনৰ গাদীলৈ অহাৰ পাছৰে পৰা কৰি থকা কাৰ্যকলাপ আৰু দৃষ্টিভংগীয়ে এতিয়া সকলো লোককে হতাশ কৰি তুলিছে৷ বিভাগীয় মন্ত্ৰীসকলে দিছপুৰৰ চকীত বহিবলৈ নোপোৱাৰ আগ মুহূৰ্তত ভোটৰ আশাত সাধাৰণ ৰাইজৰ কাষ চাপে৷ ৰাস্তা-ঘাট, দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু গাদীত বহিবলৈ পোৱাৰ পাছত পাহৰি যায় নিৰীহৰ আৰ্তনাদৰ বিষয়ে৷
ফলত জীয়াতু ভুগি আহিব লগা হৈছে গাঁৱে-ভুঞে বসবাস কৰি অহা সাধাৰণ ৰাইজ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন ঘাটত থকা কাঠৰ জৰাজীৰ্ণ দলঙৰ বাবে জীয়াতু ভুগিব লগা হৈছে ৭-৮খনকৈ গাঁৱৰ ৰাইজ৷ উল্লেখ্য যে ৰাজ্যৰ শাসিত বিজেপি দলৰে বিজেপি বিধায়ক ভাস্কৰ শৰ্মা থকা সত্বেও মাৰ্ঘেৰিটা সমষ্টিটোত কৰিব পৰা নাই কোনো উন্নয়নমূলক কাম৷
ৰামনগৰ, চন্দ্ৰপুৰকে ধৰি ৭-৮খনকৈ গাঁৱৰ মানুহে যাতায়তৰ বাবে কাঠৰ দলং খনকে নিৰ্ভৰ কৰিব লগা হয়৷ একমাত্ৰ দলং খনেদিয়েই ঘাটৰ দুয়োপাৰৰ মানুহে ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ তথা নিত্য-নৈমিত্তিক কৰ্মক্ষেত্ৰলৈ অহা-যোৱা কৰে৷ কিন্তু স্বাধীনতাৰ পাছৰে পৰা দলংখনৰ দুৰৱস্থাৰ বাবে সৰ্বসাধাৰণ ৰাইজে হাহাকাৰ কৰি আহিব লগা হৈছে৷
ৰাইজে চৰকাৰৰ ওচৰত দলংখন নিৰ্মাণ কৰি দিবৰ বাবে বহু বাৰ দাবী জনাই অহাৰ পাছতো দলং খন মেৰামতিৰ নামত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে৷ সমস্যাত জৰ্জৰিত হোৱা গাঁওকেইখনৰ ৰাইজ মিলিয়ে দলং খন বাঁহ-কাঠেৰে নিৰ্মাণ কৰি লয় যদিও বাৰিষাৰ সময়ত পানীৰ ঢলে উটুৱাই লৈ যায়৷ ফলত বাৰিষাৰ সময়ত ৰাইজে মৰণকো শৰণ দি নাৱেৰেই ঘাট পাৰ হ’ব লগা হয়৷স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে বাৰিষাৰ সময়ছোৱাত যাতায়তৰ অসুবিধাৰ বাবে সময়মতে শ্ৰেণীত উপস্থিত হ’বগৈ নোৱাৰাৰ বাবে চকুলো টুকিব লগা হয়৷
ৰাজ্যলৈ পৰিৱৰ্তন অানিম বুলি নিৰ্বাচনৰ আগতে শিৰ ফুলাই ভাষণ দিয়া জন প্ৰতিনিধি জনেও ভুক্তভোগী ৰাইজলৈ পিঠি দি আহিছে৷ যাৰ ফলত বাৰিষাৰ দিন ওচৰ চাপি অহাৰ লগে লগে শংকিত হৈ পৰিছে জাগুন ঘাটৰ ওচৰ-পাজৰে থকা লোকসকল৷ সমস্যা সমাধানৰ প্ৰতি কাণসাৰ নিদিয়া স্থানীয় প্ৰতিনিধি জনকে ধৰি গড়কাপ্তানি বিভাগক পুনৰবাৰ ভগা দলংখন শীঘ্ৰেই মেৰামতি কৰি দিবৰ বাবে দাবী জনাইছে মাৰ্ঘেৰিটা সমষ্টিৰ ৰামনগৰ, চন্দ্ৰপুৰকে ধৰি ৭-৮খন গাঁৱৰ ৰাইজে৷