
নলবাৰীঃ নলবাৰী জিলাৰ এতিহ্যমণ্ডিত চড়াবড়ি কালি মন্দিৰত অহা ১৯-২১ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে কালি পূজা অনুষ্ঠিত হ’ব৷ ১৯ অক্টোবৰত পুৱা ৭বজাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হ’ব পূজাৰ কাৰ্যসূচীৰ৷
পুৱা ৮ বজাত বৃক্ষ ৰোপন, ৯ বজাত নাম প্ৰসংগ, সন্ধিয়া ৬ বজাত প্ৰতিমা স্থাপন, ৭.৩০ বজাৰ পৰা ঢুলীয়া আৰু ওজাপালি প্ৰদৰ্শন, নিশা ১১ বজাত আৰতি, ২ বজাত বলি-উচৰ্গা, পুষ্পাঞ্জলী আৰু প্ৰসাদ বিতৰণ কৰা হ’ব৷ ২০ অক্টোবৰত পুৱা ৪-১০ বজালৈ ঘাই পথেৰে পাৰ হৈ যোৱা যান-বাহনৰ যাত্রীসকলৰ মাজত প্ৰসাদ বিতৰন কৰা হব৷
আবেলি ৩ বজাত আয়োজিত হ’ব চিত্রাঙ্কন প্ৰতিযোগিতা, দীপাৱলী উদযাপন আৰু বন্তী প্ৰজ্বলনৰ পাছতে ৫ বজাত দৰ্শকৰ মাজত কুইজ প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ পুজাৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে য’ত সংগীত পৰিবেশন কৰিব কণ্ঠশিল্পী বাবু, ভৃগু কাশ্যপ আৰু ৰিংকু প্ৰিয়মে৷ পূজাৰ অন্তিম দিনটোত নিশা ৮ বজাত ধীৰেন দাস আৰু তাৰিণী ডেকাৰ নাগাৰা নাম প্ৰদৰ্শন কৰা হ’ব৷