
newsnextone.com | ডিজিটেল ডেস্কঃ মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ প্ৰয়াস কৰি গৈছে প্ৰশাসনে৷ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বাৰে বাৰে ঘোষণা কৰিছে এয়া কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নহয় বুলি৷ কিন্তু নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজধানী মহানগৰ খনত শান্তি বৰ্তাই ৰাখিবলৈ নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷ এয়া বহিৰাগতৰ ওপৰত আক্ৰমণ বুলিও কব খোজে একাংশ লোকে৷
দেওবাৰে সান্ধ্য আইন জাৰি কৰা হয় চহৰ খনত৷ পুনৰ অশান্তিয়ে বিৰাজ কৰাত পুনৰ সান্ধ্য আইন জাৰি কৰা হয়৷ বিশাল আৰক্ষী, সামৰিক বাহিনী, অৰ্ধাসামৰিক বাহিনীয়ে আপ্ৰাণ চেষ্টা কৰিও হিংসা ৰোধ কৰিব পৰা নাই৷ চহৰ খনত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে৷
উল্লখ্য যে, ৰাজধানী শ্বিলঙত এগৰাকী পঞ্জাৱী মহিলা আৰু বাছ কণ্ডাকটৰৰ মাজত সংঘটিত হয় বাক বিতণ্ডা৷ তাৰ পিছতে দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ কিছু সময় পিছতে ঘটনাৰ কথা ছচিয়েল মিডিয়াত ব্যাপক হাৰত প্ৰচাৰ হ’ব ধৰে৷ ইটো সম্প্ৰদায়ৰ লোকে সিটো সম্প্ৰদায়ৰ লোকৰ মৃত্যু হোৱা বুলি ছচিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ কৰে৷ যদিও বাৰে বাৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই এয়া সাম্প্ৰদায়িক সংঘৰ্ষ নহয় বুলি কব খুজিছে তথাপিও ৰাইজে সঁচা কথাটো অৱগত হৈছে৷
শ্বিলঙৰ পঞ্জাৱী লেনত বিশেষকৈ এই ঘটনাৰ পৰাহে ঘটনাৰ সুত্ৰপাত হয়৷ পঞ্জাৱী লেনৰ ওচৰে পাজৰে থকা লোকে এই ঘটনাত অৰিহণা যোগাৱা বুলি অভিযোগ উত্থাপন হয়৷ ঐতিহাসিক ভাবে বসবাস কৰি অহা এটি বিশেষ জনগোষ্ঠীৰ লোকক টাৰ্গেট কৰি হিংসাত্মক কাৰ্যকলাপ কৰিব বিচৰা হৈছিল যদিও প্ৰশাসনে এই ঘটনাক ৰোধ কৰিবলৈ সক্ষম হয়৷
কিন্তু ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হোৱাৰ দৰে হ’ল৷ কিছু সময়ৰ পিছতে হিংসা বিভিন্ন অঞ্চললৈ বিয়পিব ধৰে৷ একাংশ লোকে ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ পথলৈ ওলাই আহে আৰু পঞ্জাৱী লেনত বসবাস কৰি অহা লোকক তাৰ পৰা আতৰোৱাৰ দাবী জনায়৷ তাত বাস কৰা লোকসকলক অবৈধ বুলি দাবী কৰি তাণ্ডৱ চলাই প্ৰথমে দোকানত আক্ৰমণ কৰে৷ তাৰ লগে লগে নিৰাপত্তাৰক্ষী সক্ৰিয় হৈ পৰে৷
পাঞ্জাৱী লেনৰ বসবাস কৰা লোক আৰু স্থানীয় জনগোষ্ঠীৰ বাছ কৰ্মচাৰীৰ মাজত লগা সাধাৰণ ঘটনাক মুহূৰ্ততে অন্য ধৰণে প্ৰচাৰ কৰা হয়৷ ইয়াৰ লগে লগে বছৰ বছৰ ধৰি শ্বিলঙত কেইবাটাও জাতি-জনগোষ্ঠীৰ লোক একেলগে বসবাস কৰি আছে যদিও ঘটনাক পিছত ৰাজনীতিও আৰম্ভ হয়৷ নতুন দিল্লীৰ পৰা পঞ্জাৱৰ আঞ্চলিক দল শিৰোমণি অকালি দলৰ এটি প্ৰতিনিধি দল মেঘালয়লৈ আহে৷ দল টোৱে বিভিন্ন লোকক সাক্ষাৎ কৰি শান্তি বিচাৰি সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়৷ সোমবাৰে পঞ্জাৱ চৰকাৰৰ এটা দল শ্বিলঙলৈ আহে৷ তাৰ লগে লগে অসমৰ পৰা শ্বিলংলৈ যোৱা সকলো যাত্ৰী কঢ়িওৱা গাড়ীৰ আহ-যাহ বন্ধ ৰাখিব লগা হয়৷ সান্ধ্য আইন কিছু পৰিমাণে শিথিল কৰা হয়৷
বহু ট্ৰাকত পেট্ৰল বোমা নিক্ষেপ কৰে হিংসুক প্ৰতিবাদকাৰীয়ে৷ পঞ্জাৱী লেনৰ বহু লোকৰ গাড়ীত অগ্নি নিক্ষেপ কৰে৷ একাংশ লোকে দুয়োটা সম্প্ৰদায়ক বাৰ বাৰে হিংসাৰ পথ নলবলৈ আহ্বান জনাই আহিছে৷ কোনোৱে কাৰো শত্ৰু নহয় বুলি কৈ সদায় এনেদৰেই বাস কৰিব লাগিব বুলি কৈ আহিছে যদিও সেই সময়ত কোনেও কাৰোৰে কথা শুনিবলৈ ইচ্ছা কৰা নাছিল৷
বিভিন্ন সময়ত সৰু সৰু ঘটনা সংঘটিত হয় যদিও সেয়া সকলো লোকে পাহৰি যায়৷ জনজাতীয় আৰু আন লোকে সদায় সমিল মিলেৰে বাস কৰি আহিছে শ্বিলংত৷ আনহাতে মুখ্যমন্ত্ৰীয়ে কোনো তৃতীয় পক্ষই এই হিংসা বিয়পাবৰ বাবে চেষ্টা কৰা বুলি কয়৷ কোনো লোকে শিলাবৰ্ষণ কৰিবলৈ উচতনি দিয়া বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে৷ ঘটনাৰ পিছত গুৰুদ্বাৰতো আক্ৰমণ কৰিছিল দুৰ্বৃত্তই৷
এই ঘটনা এটা বিশেষ এলেকাত সংঘটিত হোৱা বুলি কৈ মুখ্যমন্ত্ৰীয়ে কনৰাডে এয়া এটা এলেকাৰ বিশেষ সমস্যা বুলি কৈ এয়া সম্প্ৰদায়ীক হিংসা নহয় বুলি কয়৷ ৰাজ্যৰ বাহিৰৰ মিডিয়াই ইয়াক সাম্প্ৰদায়ীক হিংসাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰে৷ কনৰাডৰ মতে শ্বিলঙত হিংসাত জৰিত লোকসকলৰ শ্বিলংৰ বাহিৰৰ বুলি দাবী কৰে৷ হিংসা বিয়পোৱাৰ বাবে টকা দিয়া হৈছিল বুলি কয়৷
প্ৰকৃততে বৃহস্পতিবাৰে এগৰাকী খাছী যুৱক আৰু পঞ্জৱী মহিলাৰ মাজত সাধাৰণ কথাক লৈ তৰ্কাতৰ্কি হৈছিল৷ তাৰ পিছত এই কথাক স্থানীয় জনগোষ্ঠীয় লোকে সহজে লব পৰা নাছিল৷ একাংশ লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷ প্ৰতিবাদকাৰীয়ে হিংসাৰ আশ্ৰয় লয় আৰু সাম্প্ৰদায়িক হিংসাৰ ৰূপ লয়৷ পঞ্জাৱী লেনত প্ৰায় ৪০০ পঞ্জাৱী পৰিয়াল বাস কৰে৷ পঞ্জাৱী লেনত এটি পঞ্জাৱী পৰিয়ালত প্ৰথমে অগ্নি নিক্ষেপ কৰা হৈছিল৷
পূৰ্বেৰ পৰা স্থানীয় জনগোষ্ঠীয় লোকে ৪০০ পঞ্জাৱী পৰিয়ালক আতৰ কৰাৰ দাবী কৰি আহিছে৷ পঞ্জাৱী সম্প্ৰদায়ৰ লোকে ইয়াক ষড়যন্ত্ৰ আখ্যা দিয়ে৷ পঞ্জাৱী পৰিয়াল সমূহে ৭০ দশকৰ পৰাই বাস কৰি আহিছে৷ পঞ্জাৱী লেনৰ বাসিন্দাই বাৰে বাৰে কৈ আহিছে আমি অবৈধ নাগৰিক নহয়৷