ৰঙিয়াৰ দীগি পুখুৰীপাৰত শিৱ মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভ

তুলসীবাৰীঃ ৰঙিয়া মহকুমাৰ ঐতিহাসিক দীগি পুখুৰী পাৰত দেওবাৰে শিৱমন্দিৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়৷ অঞ্চলটোৰ হেমদোল লাছি, বিষ্ণুপুৰ, দিগিৰপাৰ, বালিসত্ৰকে ধৰি কেবাখনো গাঁৱৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত নিৰ্মাণ হ’বলগীয়া শিৱ মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে গোপেশ্বৰ দেৱালয়ৰ দলৈ মনোজ শৰ্মাই৷

দিগিৰ পুখুৰী সংৰক্ষণ সমিতিৰ সভাপতি নৃপেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভা সম্পাদক ভূবনেশ্বৰ কলিতাই আঁত ধৰে৷ অনুষ্ঠানটোত অঞ্চলটোৰ সমাজকৰ্মী লোহিত কলিতা, জীবেশ্বৰৰ মেধী, হেমেন কলিতাকে  ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে৷