শিৱসাগৰৰ উপায়ুক্তই শ্ৰেষ্ঠ অসমীয়া আনন্দ ৰাম বৰুৱাক অপমান কৰাৰ অভিযোগ

দিচাংমুখঃ একালৰ আহোম ৰজাৰ ৰাজধানী এতিয়া অৱহেলিত৷ ৬০০ বছৰীয়া আহোমৰ ৰাজত্ব কালৰ স্মৃতি বিজড়িত শিৱসাগৰ জিলাক ৰাজ্য চৰকাৰ শিৱসাগৰ জিলা প্ৰশাসনে অৱহেলা কৰাৰ অভিোগ নতুন নহয়৷ ৬০০ বছৰীয়া আহোমৰ ৰাজত্ব কালৰ স্মৃতি সমূহ কৰবাত যদি পানীত ডুব যায় আন কৰবাত দেৱাল খহি পৰে। চকুৰ সন্মুখতে ধ্বংসৰ দিশে আহোম ৰজাৰ ৰাজধানী৷

এনে বিড়ম্বনাৰ মাজেৰে অসমীয়া জাতিৰ আগবাঢ়ি গৈছে৷ ৰাজ্যৰ ঐতিহাসিক সমলেৰে পুষ্ট চহৰ বুলি কলে শিৱসাগৰ জিলাৰ নামেই মনলৈ আহে৷ শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷ আহোম ৰজাৰ দিনৰ বৰ বৰ পুখুৰী, পেটুধুৱা পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাসমূহত আজিও ভৰপূৰ। শিৱদৌল, বিষ্ণু দৌল, দেৱী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ।

এই ঐতিহাসিক সমলবোৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে সংৰক্ষণত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে ডিব্ৰুগড় জিলাৰ আঘোনীবাই পখুৰী, গড়খাৱৈ মৈদাম অস্তিত্বৰ সংকটত পৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে আন এখন দুখ লগা ছবি পোহৰলৈ আহিছে৷ আহোম ৰজাৰ স্মৃতি বিজড়িত সমল সমূহ ৰক্ষণাবেক্ষন দিয়াত বিফল হোৱাৰ সময়তে সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাক চূড়ান্ত অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰ প্ৰশাসনৰ বিৰুদ্ধে।

অসমৰ প্ৰথম আইচিএছ, প্ৰথম গ্ৰেজুৱেট আৰু অধিবক্তা আনন্দৰাম বৰুৱাৰ স্মৃতি অসমৰ সমাজ জীৱনত সজীৱ কৰি ৰাখিবলৈ শিৱসাগৰ চহৰত স্থাপন কৰা আনন্দ ৰাম বৰুৱা উদ্ধান হাবি-জংঘলে আৱৰি ধৰাত শ্ৰেষ্ঠ অসমীয়াজনক অসন্মান কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অস্তিত্বৰ সংকটত পৰিছে শিৱসাগৰৰ বৰ পুখুৰীপাৰৰ উদ্যান খন৷ শিৱসাগৰ উপায়ুক্তৰ তত্বাৱধানত চলি থকা উদ্যানখন বৰ্তমান শিশুসকলৰ বাবে সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈছে৷

উল্লেখ্য, আহোমৰ ৰাজধানী তথা অসমৰ পৰ্যটনস্থলী শিৱসাগৰ চহৰৰ শিশুসকলৰ বাবে একমাত্র উদ্যান যত শিশুৰ খেলা-ধূলাৰ সামগ্ৰী আছে। কিন্তু উদ্যানত থকা একাধিক খেলৰ সামগ্ৰী তাঁৰেৰে বান্ধি থোৱা পৰিলক্ষিত হৈছে৷ কিছু সামগ্ৰী মামৰে ধৰি জহিঁ-খহি গৈছে৷ যাৰ বাবে শিশুসকলে খেল ধেমালি কৰোঁতে আঘাত প্ৰাপ্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷

ইফালে, উদ্যান খনৰ কাষতে এখন সৰোবৰ আছে৷ যত নৌকাবিলাস কৰাৰ সুবিধা আছিল৷ কিন্তু সৰোবৰখন পৰিস্কাৰ নকৰাৰ ফলত ঘাঁহ-বনে আঁৱৰি ধৰিছে। আনন্দৰাম বৰুৱা অসমৰ সুযোগ্য সন্তান যাক লৈ অসমীয়া জাতি গৌৰৱ কৰে৷ তেনে এজন লোকৰ স্মৃতিত নিৰ্মাণ কৰা উদ্যান খন ঘন অৰণ্যত পৰিণত হৈছে। যাক চকুৰে নেদেখিলে বৰ্ণনা কৰিব নোৱাৰি৷

উদ্যানত প্ৰৱেশ কৰাৰ বাবে টিকেট ক্ৰয় কৰাটো বাধ্যতামূলক আৰু টিকেটৰ মূল্য ৫ টকা পৰা ২০০ টকা পৰ্যন্ত৷ কিন্তু টিকটৰ পৰা অৰ্জন কৰা ধন যায় ক’ত আৰু কিয় শিশুসকলৰ খেলৰ সামগ্ৰী মেৰামতি কৰা হোৱা নাই তাক লৈ উত্থাপন হৈছে প্ৰশ্ন৷ দামী নৌকা হাবি জংঘলৰ মাজত নষ্ট হৈ যায়৷ উদ্যানখনত আনন্দৰাম বৰুৱাৰ নামৰ ফলকখন মাটিত পৰি থকা দেখা যায়৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰৰ কৃতিচিহ্ন সমূহ চাবলৈ পৰ্যটক আহে যদিও এনে দৃশ্যই লজ্জানত কৰে শিৱসাগৰৰ সচেতন নাগৰিকক।