কালাইন-শিলচৰ পথ মেৰামতিৰ দাবীত কাছাৰ ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

কাছাৰঃ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হ’ল কাছাৰ জিলাৰ কালাইন৷ কাটিগড়া সমষ্টিৰ কালাইন ব্লক কংগ্ৰেছ সমিতিয়ে পথ মেৰামতিৰ দাবীত মঙলবাৰে কালাইন-শিলচৰ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ১২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে৷

দীৰ্ঘদিনৰ পৰা পথটো কদৰ্যময় হৈ পৰাত মেৰামতি কৰাৰ বাবে আবেদন জনোৱাৰ পিছতো গুৰুত্ব আৰোপ নকৰাত অৱশেষত প্ৰতিবাদ কৰিবলৈ বাধ্য হয় কংগ্ৰেছে৷ কংগ্ৰেছে কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল বুলি কয়৷ যাৰ ফলত মঙলবাৰে পুৱাৰে পৰা বিয়লি পাঁচ বজালৈকে পথ অৱৰোধ কৰে কংগ্ৰেছে৷ গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ব্যৰ্থ মন্ত্ৰীৰূপে অভিহিত কৰি পদত্যাগৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে৷

প্ৰতিবাদস্থলিত চক্ৰ বিষয়া এম এলাহী বৰভূঞা উপস্থিত হৈ ১৫ দিনৰ ভিতৰতে পথটোৰ নিৰ্মানৰ কাম আৰম্ভ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ তাৰ পিছতহে সমিতিৰ সভাপতি বিশাল চৰকাৰে আন্দোলন সমাপ্ত কৰে৷ প্ৰাক্তন বিধায়িকা ৰুমী নাথ, ইয়াসিৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ বৰা, জাকিৰ খান, কাটিগড়া ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি হুছেইন আহমেদ চৌধুৰী প্ৰমুখ্যে আন বহুকেইজনলোক উপস্থিত থাকে প্ৰতিবাদস্থলিত৷