
পাথৰিঘাটঃ ঐক্য সংহতিৰ বাৰ্তাৰে সামৰণি পৰিল দৰং জিলাৰ ছিপাঝাৰৰ ৰাস মহোৎসৱ৷ অঞ্চলটোৰ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ লোকৰ সহযোগত বছৰ বছৰ ধৰি পালন কৰি অহা ছিপাঝাৰৰ ৰাস মহোৎসৱত এইবেলি ভক্তৰ লানি নিছিগা সোঁত বয়৷
ভিন্ন কাৰ্যসূচীৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাত বহু শিশুই কৃষ্ণ ৰূপত অৱতীৰ্ণ হৈ লয়লাস নৃত্যৰে ৰাইজক আপ্লুত কৰা দেখা যায়।
১২০টা মৃণ্ময় মূৰ্তি স্থাপন কৰাৰ লগতে গীত নৃত্য, আনন্দমেলাৰ পৰিৱৰ্তে উদযাপন সমিতিয়ে গ্ৰন্থ মেলাৰ আয়োজন কৰে৷ সাহিত্য তথা কিতাপ পঢ়ুৱেক ভাল গ্ৰন্থ হাতত তুলি দিয়াৰ বাবে কেইবাটাও প্ৰকাশন গোষ্ঠীক আমন্ত্ৰণ কৰি গ্ৰন্থমেলাৰ আয়োজন কৰে ৰাস উদযাপন সমিতিয়ে৷ গ্ৰন্থমেলাৰ বাকৰিত শিশু, মহিলা, জ্যেষ্ঠসকলৰ উপস্থিতিত সাহিত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰে সমিতিয়ে