চিষ্টাৰ পাস্কেলৰ শেষকৃত সম্পন্ন

বিহালীঃ আজি দিনৰ প্ৰায় ১২ বজাত বিহালীস্থিত কেথলিক হাস্পাতলৰ চৌহদত চিষ্টাৰ পাস্কেলৰ শেষকৃত সম্পন্ন হয়৷ যোৱা ১০ অক্টোবৰত বিহালী মোনাবাৰীৰ নিউলাইনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথত এক মূখামুখি পথ দূৰ্ঘটনাত মৃত্য হৈছিল চিষ্টাৰ পাস্কেলৰ৷ বৰ্ষীয়ান সমাজ সেৱী গৰাকীয়ে কেইবাটাও দশক ধৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ লগত জড়িত হৈ মানৱ সেৱা আগবঢ়াই আহি আছিল৷

বৰ্ষীয়ান সমাজ সেৱী গৰাকীৰ অকাল মৃত্যত সমগ্ৰ বিহালীত এক শোকাকূল পৰিবেশে বিৰাজ কৰিছে৷ আজি আনুষ্ঠানিকভাৱে  সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ মাজৰে চিচষ্টাৰ পাস্কেলৰ শেষকৃত সম্পন্ন কৰা হয়৷

এই সময়ছোৱাত উত্তৰ অসমৰ লগতে অৰুণাচল প্ৰদেশৰ ৩০ গৰাকী ফাডাৰ উপস্থিত থকাৰ লগতে প্ৰায় শতাধিক গন্য-মান্য লোক উপস্থিত থাকে ৷

উল্লেখ্য যে, ১৯২৪ চনৰ ২ অক্টোবৰ তাৰিখে কেৰেলাৰ কেথিমাট্টাম জিলাৰ কট্টায়াম গাঁৱত জন্ম গ্ৰহণ কৰি ১৯৪৬ চনৰ ১৫ আগষ্টত ২৪ বছৰ বয়সত আজীৱন মানৱ সেৱা কৰাৰ মানসেৰে যোগদান কৰিছিল কেথলিকৰ স্বাস্থ্য সেৱাত৷ আনহাতে বৰ্ষীয়ান সমাজ সেৱিকা গৰাকীৰ অন্তিম সময়ছোৱাত তেখেতৰ জ্যেষ্ঠ ভাতৃৰ জীয়ৰী শ্যেলী ৰয়, ভগ্নীৰ জীয়ৰী মেৰীকে থমাছ আৰু জোঁৱায়েক ক্ৰমে এম জে জেমছ্, কে জে মনু উপস্থিত থাকে৷