সদৌ অসম উন্নয়ন পৰিষদে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ৩০ অক্টোবৰ বিস্ফোৰনত নিহত হোৱা সকলক

শিবসাগৰঃ আজি ৩০ অক্টোবৰ । ২০০৮ বৰ্ষৰ বোমা বিস্ফোৰণৰ পিছত আজিৰ এই দিনটো অসমৰ বাবে এক কলা দিন হিচাপে পৰিগণিত হল। ২০০৮ চনৰ আজিৰ এই দিনটোতেই বহু লোক পিতৃহাৰা, মাতৃহাৰা, ভগ্নীহাৰা, ভাতৃহাৰা হৈছিল। আজিৰ দিনটোত বহু লোকে অকাল মৃত্যুক সাৱটি লব লগা হৈছিল যাৰ বাবে সমগ্ৰ অসম বাসীৰ লগতে শিৱসাগৰ জিলাৰ সদৌ অসম উন্নয়ন পৰিষদে বন্তি প্ৰজলন কৰি শ্ৰদ্ধাঞ্জলি জনালে বিস্ফোৰণত নিহত হোৱা লোক সকলক।

 

আজি পৰ্যন্ত যিসকল সন্ত্ৰাসবাদী মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে সেইসকলক আকৌ তদন্তৰ আঁওতালৈ আনি সন্ত্ৰাসবাদ নিপাত কৰিবলৈ দাবী জনালে সদৌ অসম উন্নয়ন পৰিষদে।

চৈয়দ মুদ্দাছীৰ ৰমিজ,শিৱসাগৰ