
শিৱসাগৰঃ ৰাজ্য চৰকাৰক ছাত্ৰ বিৰোধী আখ্যা দি পুনৰ ৰাজ পথলৈ ওলাই আহিছে ৰাজ্যৰ জনসাধাৰণ৷ ২০১৬ চনত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা বাংলাদেশী সংস্থাপনকে ধৰি চৰকাৰে কেইবাটাও জনবিৰোধী নীতি গ্ৰহণ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰি অহাত ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ এইবাৰ পুনৰ ৰাইজ জাঙুৰ খাই পৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷
এইবাৰ বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমৰ ৰাইজ৷ উজনি নামনিৰ লোকে এতিয়া নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷
চৰকাৰখনৰ এতিয়া এটাৰ পাছত আন এটা যেন হঠকাৰী সিদ্ধান্তই ৰাইজক ক্ষোভিত কৰি ৰাখিছে৷ এইবাৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷
ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র একতা সভাৰ আহ্বানত শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৃহস্পতিবাৰে৷ শিৱসাগৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি মানবেন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক তোষেশ্বৰ লাহনৰ নেতৃত্বত মহাবিদ্যালয়খনৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কলেজ চাৰিআলিত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
একমাত্ৰ মহিলা বিশ্ববিদ্যালখনক কাৰিকৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিবলৈ লোৱা সিদ্ধান্ত শীঘ্ৰে বাতিল কৰি মহিলা বিশ্ববিদ্যালখনক পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰা, বিশ্ববিদ্যালখনত উপাচার্য আৰু পঞ্জীয়ক নিযুক্তি দিয়াৰ দাবীত জনাই ছাত্ৰ-ছাত্ৰীয়ে৷