আছুৰ স্বর্ণ কাপ ফুটবল প্রতিযোগিতাৰ বাবে সাজু শিৱসাগৰ দল

নামতিঃ সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত, নাজিৰা মহকুমা, শিমলুগুৰি আৰু নাজিৰা আঞ্চলিক ছাত্র সন্থাৰ সহযোগত বিগত কেইবর্ষৰ এই বছৰো শিৱসাগৰ জিলাৰ বিভিন্ন প্রান্তত চাৰিদিনীয়াকৈ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী আন্তঃজিলা আছু স্বর্ণ কাপ ফুটবল প্রতিযোগিতাৰ অয়োজন কৰিছে।

অহা ১৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ফুটবল প্রতিযোগিতাৰ উদ্দেশ্যে অলপতে ড০ পুণ্যধৰ গগৈক সভাপতি শৰৎ হাজৰিকাক কার্যকৰী সভাপতি আৰু মাণিক গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ পৰিচালনা সমিতি গঠন কৰা হয়। উক্ত ফুটবল প্রতিযোগিতাখনৰ বাবে নির্বাচিত শিৱসাগৰ জিলা ফুটবল দলটোৰ অনুশীলন আজিৰে পৰা শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত আৰু নামতি আঞ্চলিক ছাত্র সন্থাৰ সহযোগত নামতি চাৰি আলি হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে।

শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি অসীম দত্ত, ভাৰপ্রাপ্ত সম্পাদক অমূল্য গগৈ আৰু ক্রীড়া সম্পাদক উমেশ গগৈয়ে শিৱসাগৰ জিলা ছাত্র সন্থাৰ অন্তর্গত আঞ্চলিক সমূহৰ মাজত আন্তঃআঞ্চলিক ফুটবল প্রতিযোগিতা অনুষ্ঠিত কৰি বাছনি কৰা খেলুৱৈ সকলক। অর্ধশতাধিক খেলুৱৈয়ে অংশ গ্রহণ কৰিব লগীয়া দহদিনীয়া অনুশীলন শিবিৰত নামতি আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কন্দর্প নেওগ আৰু ক্রীড়া সম্পাদক অংকুৰ হাজৰিকাই সকলোৰে সহযোগিতা কামনা কৰিছে।