১৬ বছৰীয়া যুৱতীক হত্যাৰ চেষ্টা, অৰুণাচলৰ দুৰ্গম পাহাৰত অভিযান চলাই জালত পেলালে যুৱকক

নামতিঃ শিৱসাগৰ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যত অভিযান চলাই এগৰাকী যুৱতীক হত্যাৰ চেষ্টা কৰা অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়৷ যুৱকজনক অৰুণাচলৰ দুৰ্গম এলেকাৰ পৰা আটক কৰিবলৈ সক্ষম হয় শিৱসাগৰ আৰক্ষীয়ে৷ জিলা আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষী দল এটাই অৰুণাচলৰ দুৰ্গম মেয়াৱৰ পৰা বিটু গগৈ নাম যুৱকজনক আটক কৰে৷

দীৰ্ঘদিন আত্মগোপন কৰি থকা যুৱকজনক আটক কৰিবৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল৷ উল্লেখ্য যে, আমগুৰি থানাৰ অন্তৰ্গত দেওৰজা মানতনিয়া গাঁৱৰ এগৰাকী ১৬ বছৰীয়া যুৱতীক একেখন গাঁৱৰে বিটু গগৈয়ে যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা দা’ৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাইছিল৷

যুৱতীগৰাকীক দীৰ্ঘদিন ধৰি বিটু গগৈয়ে মানসিক ভাৱে হাৰাশাস্তি কৰি আহিছিল৷ পেহীয়েকৰ ঘৰত অধ্যয়ন কৰি থকাৰ সময়ত বিটু গগৈয়ে হত্যাৰ চেষ্টা কৰিছিল যুৱতী গৰাকীক৷ যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ যাওঁতে যুৱতীগৰাকীৰ পেহীয়েকো গুৰুতৰভাৱে আহত হৈছিল৷ 

ঘটনা সংঘটিত হোৱাৰ পিছতেই আমগুৰি থানাত যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল৷ শিৱসাগৰ আৰক্ষীয়ে অতি কষ্টৰে চুবুৰীয়া ৰাজ্যৰ দুৰ্গম ঠাইত অভিযান চলাই অপৰাধীক আটক কৰাত ৰাইজে শলাগ লয়৷