ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰক, শিৱসাগৰত তিনি সংগঠনৰ প্ৰতিবাদ

শিৱসাগৰঃ NSCN (আই-এম)ৰ ভাৰত চৰকাৰৰ মাজত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু চাহ-শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে সোমবাৰে শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কৃষক মুক্তি আৰু দুই ভাতৃ সংগঠনে অসমৰ মাটি নাগালেণ্ডক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে।

ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা বৃহত্তৰ নাগালিম মানি লোৱা নহ’ব বুলি ৰাজ্য চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অসমৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে। অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা গোপন পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজহুৱা কৰিবলৈ দাবী জনায়।