জনমানসত ছাত্ৰ-মুক্তিক হেয় প্ৰতিপন্ন কৰিব খোজাৰ অভিযোগ

চাবুৱাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাই ৰাজ পথত কয়লাৰ গাড়ীৰ পৰা অবৈধ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড় জিলাত৷ ছাত্ৰ মুক্তিৰ নেতাই কয়লাৰ গাড়ীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰে ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই৷ আৰক্ষী বিষয়াই ছাত্ৰ মুক্তিৰ নেতাক খোদ এই কথা অৱগত কৰে৷ তাৰ পিছতে এই অভিযোগ খণ্ডন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগৰ উচিত তদন্ত কৰি ঘটনাৰ সৈতে জড়িত লোকক চিনাক্ত কৰিবলৈ দাবী জনায়৷

ইমানে নহয় ঘটনাৰ সৈতে জড়িত লোকক উচিত শাস্তি দিয়াৰ পোষকতা কৰে সংগঠনটোৱে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত এটি চক্ৰই কয়লাৰ কঢ়িওৱা গাড়ীৰ পৰা ধন সংগ্ৰহ কৰি অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ এই অভিযোগ পোনছাটেই নাকচ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে সংগঠন দুটাক সমাজত হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টা কৰা বুলি কয়৷

সংগঠন দুটাই যোৱা কেইমাহ মানৰ পৰা চাবুৱা অঞ্চলত থকা ইটা ভাটা সমূহলৈ কয়লা কঢ়িয়াই অনা গাড়ীসমূহৰ পৰা ভাবুকি দি টকা বিচৰা কাৰ্য এতিয়া একাংশৰ বাবে ব্যৱসায়ত পৰিণত হৈছে বুলিও কয়। যোৱা কেইদিনমানৰ পৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নাম লৈ একাংশ দুষ্টচক্ৰই নিশা কয়লা গাড়ীসমূহ সমূহ ৰাজ পথত ৰখাই ভাবুকি দি ধন সংগ্ৰহ কৰি আহিছে।

প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে এনেদৰে নিশা কয়লা গাড়ী ৰখাই দুষ্টচক্ৰই ধনদাবী কৰিবলৈ সক্ষম হৈছে বুলি অভিযোগ কৰে সংগঠনদুটাই। কয়লা গাড়ী অনা মালিকসকলে আৰক্ষীক অৱগত নকৰি কিয় দুষ্টচক্ৰক টকা দিয়ে সেইটোওঁ ৰহস্যৰ মাজত সোমাই পৰিছে বুলি কয় সংগঠনদুটাই। কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক সংগঠনদুটাই দাবী জনায়৷