
নাজিৰাঃ নাজিৰাৰ মেজেঞ্জা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত ৬গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰে।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী ধনতু গগৈ সাধাৰণ সম্পাদক, ভাৰ্গৱ গগৈ সহকাৰী সাধাৰণ সম্পাদক, স্মীতা গগৈ সাহিত্য বিভাগৰ সম্পাদিকা, মিথুৰাজ আৰন্ধঁৰা সংগীত বিভাগৰ সম্পাদকৰ লগতে মনোৰঞ্জন গগৈ ক্ৰীড়া বিভাগৰ পদত বিজয়ী হয়।
বিজয়ী প্ৰাৰ্থীসকলক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন, সহকাৰী সাধাৰণ সম্পাদক আছিফ ইছলাম, শিমলুগুৰি আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি ইমৰান আলী, সহঃ সাধাৰণ সম্পাদক জাকিৰ হুছেইনৰ লগতে ছাত্ৰ মুক্তিৰ নাজিৰা কলেজ গোটৰ অবিনাচ সিঙে ফুলাম গামোচাৰে আদৰণি জনায়।