‘সহায় (ৰক্তদান) অসম’, ৰাজনীতি ধৰ্মৰ বিপৰীতে ৱাটছএপ-ফেচবুকত সমাজসেৱা

লালুকঃ ৱাটছএপ-ফেচবুকক যুৱ প্ৰজন্মই এতিয়া জনমত গঢ়াৰ অন্যতম মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে৷ যিকোনো ঘটনাৰ প্ৰতিক্ৰিয়া, কবিতা, গল্প, ভ্ৰমণ কাহিনী প্ৰতিবাদ তথা জনমত গঢ়াৰ ক্ষেত্ৰতো ৱাটছএপ ফেচবুকক যুৱ প্ৰজন্মই ঋণাত্মক দিশত ব্যৱহাৰ কৰা দেখা গৈছে৷ তাৰ সমানে সমানে সমাজ সেৱাৰ অন্যতম স্থল হিচাপে বাছি লোৱা পৰিলক্ষিত হয়৷ তাৰ মাজেত ৰক্ত দান-সংগ্ৰহ কৰাৰ দৰে মহান কাম কৰা দেখা যায়৷

সমাজৰ অসহায়, দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা লোক বাবে কাম কৰাৰ বাবে ফেচবুৰ ৱাটছআপ যোগে ঐক্যবদ্ধ হোৱা দেখা যায়৷ ফেচবুক আৰু ৱাটছআপ জৰিয়তে এক্যৱদ্ধ হোৱা লোকসকলে "সহায় (ৰক্তদান) অসম"  নামৰ এটা বন্ধুত্বৰ গোট গঠন কৰে৷ যাৰ দ্বাৰা ৰক্তদানৰ দৰে মহান কামত জৰিত হৈ ৰোগীক সময়ত ৰক্ত দানেৰে সহায়ৰ হাত আগবঢ়োৱাৰ চেষ্টা চলাই গৈছে। স্বেচ্ছাসেৱী সংগঠন নতুবা অনুষ্ঠান নহয় বুলি কয় গোটটোৱে।

প্ৰতিজন সদস্যই মানৱতাৰ সেৱাকে প্ৰাধ্যন্য দিয়াৰ লক্ষ্য আৰু উদ্দেশ্যেৰে কাম কৰা বুলি জানিব পৰা যায়৷ "সহায়(ৰক্তদান) অসম"-এ গুৱাহাটীৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীক তেজ যোগান ধৰাৰ লগতে বিভিন্ন জিলাৰ ৰোগীকো নিজ অঞ্চলৰ সদস্যৰ দ্বাৰা তেজৰ ব্যৱস্থা কৰি দিয়ে বুলি জানিব পৰা যায়৷ ৰক্তদানৰ লগতে বিভিন্ন সামাজিক কাম কৰিওঁ সকলোৰে সহযোগিতাত আগুৱাই যাবলৈ চেষ্টা কৰা বুলি কয় গোটটোৱে।

গোটটোৰ সদস্যই কয় "সহায় ৰক্তদান অসমে গুৱাহাটীৰ পদপথত বাস কৰা লোকসকলৰ বাবে খাদ্য সামগ্ৰী আৰু গৰম কাপোৰ যোগান ধৰাৰ পৰিকল্পনা কৰিছো। সহায় ৰক্তদান অসমৰ কোনো নিজস্ব পুঁজি নাই। ৰাইজে নখ জোকাৰিলে নৈ বয়। সকলোৱে সহায় সহযোগিতা আগবঢ়ালে নিশ্চয় সফল হ'ব পাৰিব৷ আপুনিও ইয়াৰ অংশীদাৰ হ'ব পাৰে।

আপোনাৰ ঘৰত যদি অব্যৱহৃত ব্যৱহাৰৰ উপযোগী গৰম কাপোৰ, ব্লেনকেট আছে তেন্তে এই গোটৰ লগত যোগাযোগ কৰিব পাৰে। আপোনাৰ অলপমান সহায়ে কাৰোবাৰ জীৱনত শান্তি দাব পাৰে"। গোটটোক খাদ্য সামগ্ৰী দিবলৈ 9101096304, 9706921221, 9401501852, 7002615711  যোগাযোগ কৰিব পাৰে বুলি কয়।