
গৌৰীসাগৰঃ আজি পুৱা জয়সাগৰ অসামৰিক চিকিৎসালয়ত শিৱসাগৰ জিলাৰ দিখৌমুখৰ নিবাসী জগন্নাথ গোস্বামীৰ পৰোলকপ্ৰাপ্তি ঘটে৷ সুহৃদয়বান ব্যক্তগৰাকীৰ মৃত্যুক আজি সমগ্ৰ দিখৌমুখত শোকৰ ৰোল উঠে৷ বৃহত্তৰ দিখৌমুখৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ওতঃপ্রোত ভাৱে জড়িত জগন্নাথ গোস্বামী শনিবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাত ততাতয়াকৈ জয়সাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল৷
কিন্তু স্বাস্থ্যৰ অধিক অৱনতিৰ বাবে আজি পুৱা চিকিৎসালয়তে গোস্বামীয়ে ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ দিখৌমুখৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ বাটকটীয়া গোস্বামীয়ে দিখৌমুখৰ ৰাস, ভাওনা আদিৰ লগতে বৰহমথুৰি সাংস্কৃতিক চৰ্চা কেন্দ্র, দিখৌমুখৰ দুৰ্গা পূজা, নামঘৰ আদিৰ লগতো প্ৰত্যক্ষ ভাৱে জড়িত আছিল৷
তেখেতৰ মৃত্যুত দিখৌমুখৰ আঞ্চলিক ছাত্র সন্থা, দিখৌমুখ বৰ্হমথুৰি সাংস্কৃতি চৰ্চা কেন্দ্র, দিখৌমুখ প্রেছ ক্লাৱ, দিখৌমুখ দোকানী সন্থা, দিখৌমুখ মিলিত শিল্পী সমাজ, দিখৌমুখ নামঘৰ পৰিচালনা সমিতি, অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, কংগ্রেছ দলকে আদি কৰি দিখৌমুখৰ বহু অনুষ্ঠান-প্রতিষ্ঠানে শোক প্রকাশ কৰিছে৷