ভাৰত চৰকাৰৰ দীনদায়ল গ্ৰাম জ্যোতি যোজনা অধীনত চ’লাৰ বিতৰণ

বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত চাপ্ৰাপাৰা চৰত আজি প্ৰায় ৫০০ পৰিয়ালক বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই চ’লাৰ লাইট বিতৰণ কৰে। আজি এই বিতৰণ কাৰ্যসীচী উপলক্ষে অনুষ্ঠিত এখন সভাত আংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উক্ত আঁচনিৰ বিষয়ে ৰাইজৰ অৱগত কৰে৷ 

বিধায়কগৰাকীয়ে কয় যে যিবোৰ ঠাইত বিদ্যুৎ পৰিবাহী তাঁৰৰ যোগাযোগ দুৰ্গম সেইবোৰ ঠাইত বিদ্যুৎ যোগানৰ বাবে এই আঁচনিৰ প্ৰয়োগ কৰা হৈছে৷ ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে লগতে বিদ্যুতৰ যোগান অবিহনে শিক্ষা আদি ক্ষেত্ৰত সমাজৰ উন্নতি অসম্ভৱ বুলি ব্যক্ত কৰে। 

লগতে বিধায়ক গৰাকীয়ে হিতাধিকাৰী সকলক কোনো ধৰণৰ ধনৰ লেন-দেনৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। সভাত উপস্থিত থাকে APDCLৰ A G M (RE) এম পি শৰ্মাৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷