
ডিব্ৰুগড়ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড় জিলাৰ চেচা চাহ বাগিচাত শনিবাৰে পুৱাই ৰোগীক ঠেলাত তুলি চিকিৎসালয়লৈ নিয়াৰ দৃশ্যই বিশেষ চৰ্চা লাভ কৰিছে৷ শনিবাৰে পুৱাই এটি দৰিদ্ৰ পৰিয়ালৰ লোকক ঠেলাত তুলি চিকিৎসালয়লৈ নিয়াৰ দৃশ্য একাংশ লোকে নিজৰ নিজৰ মোবাইলত বন্দী কৰে৷ তাৰ পিছতে হোৱাটছএপ গ্ৰুপ আৰু একাংশ লোকে এই ফটো আন আন ছচিয়েল মাধ্যমত চেয়াৰ কৰে৷
newsnextone.comৰ সংবাদ দাতাই এই ফটো লাভ কৰাৰ পিছত চাহ বাগিচাত উপস্থিত হোৱাত একাংশ লোকে জানিবলৈ দিয়া মতে খনিকৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চেচা চাহ বাগিচাৰ এটি দৰিদ্ৰ পৰিয়ালৰ মাতৃ শুকুৰবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে৷ অৰ্থৰ অভাৱত নিশা চিকিৎসালয়লৈ নিব নোৱাৰাত পুৱাই পিতৃ-মাতৃক ঠেলা এখনত তুলি পুত্ৰই অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে৷
জানিব পৰা মতে, চাহ বাগিচাত এম্বুলেন্স নথকাৰ ফলত প্ৰায়ে খনিকৰ গাঁও পঞ্চায়তৰ অধিনৰ দৰিদ্ৰ পৰিয়ালে ৰোগীক এনেদৰে ঠেলাত নিব লগা হয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা হোৱাৰ পিছতো দৰিদ্ৰ লোকক এখন এম্বুলেন্স প্ৰদান নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে৷ তথাপিও গুৰুত্ব প্ৰদান কৰা নাই প্ৰশাসনে৷
স্বাস্থ্য বিভাগৰ উন্নয়ন হোৱা বুলি সময়ে সময়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিলেও মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত ৰোগীক ঠেলাত নিব লগা হোৱা কাৰ্যই উন্নয়নৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়ে৷ চাহ বাগিচাৰ হস্পিতালত এম্বুলেন্স নথকাত গুৰুতৰ ভাবে অসুস্থ ৰোগীয়া মাতৃক ঠেলাত তুলি ডিব্ৰুগড় নগৰ হৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ডিব্ৰুগড়ৰ সচেতন নাগৰিকে পৰিৱৰ্তনৰ কথা কৈ থকাতকৈ চৰকাৰখনক কৰি দেখুৱাবলৈ দাবী জনায়৷