ঐতিহ্যমণ্ডিত গৌৰীপুৰত ববী শৰ্মা, ‘সোণাৰ বৰণ পাখি’ চাবলৈ ৰাইজক আহ্বান

ধুবুৰীঃ লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ আধাৰত নিৰ্মিত তথা গোৱালপৰীয়া ভাষাৰ আত্মজীৱনী মূলক "সোণাৰ বৰণ পাখি" নামৰ বোলছবি খন ২৪ নৱেম্বৰত মুক্তি লাভ কৰিব৷ "সোণাৰ বৰণ পাখি" নামৰ ৰাজবংশী ভাষাৰ কথাছবি খনৰ পৰিচালক ববী শৰ্মাই এই কথা জানিবলৈ দিয়ে৷

ইতিমধ্যে বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত "সোণাৰ বৰণ পাখি" নামৰ ছবিখনে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ সোমবাৰে ছবি খনৰ নিৰ্মাতা, নিৰ্দেশক তথা-কলা-কুশলী ধুবুৰীৰ ঐতিহ্যপূৰ্ণ গৌৰীপুৰত উপস্থিত হয়৷ গৌৰিপুৰত উপস্থিত হৈ প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মস্থান পৰিদৰ্শন কৰি "সোণাৰ বৰণ পাখি" নামৰ চিনেমাখন অসমৰ ৰাইজক চাবলৈ আহ্বান জনাই পৰিচালক ববী শৰ্মাই৷

সোণাৰ বৰণ পাখী নামৰ ছবিখনত ৰাজবংশী ভাষা তথা গোৱালপৰীয়া ভাষাৰ ছবি বুলি কয় ববী শৰ্মাই৷ কালজয়ী গোৱালপৰীয়া লোকগীতক বিশ্বত জনপ্ৰিয় কৰা প্ৰতিমা বৰুৱা পাণ্ডেই ১৯৯১ চনত 'পদ্মশ্ৰী', ১৯৮৮ চনত 'সংগীত নাটক একাডেমী' পুৰস্কাৰ লাভ কৰিছিল৷ ধুবুৰী জিলাৰ ঐতিহ্যপূৰ্ণ গৌৰীপুৰৰ ৰাজ কন্যা প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন, যৌৱন কাল তথা সংগীতৰ যাত্ৰা সুন্দৰ ভাবে দাঙি কৰা বুলি কয় শৰ্মাই৷