৫ দিন ধৰি শুংসুত্ৰ নাই সোণাৰিৰ হিন্দীভাষী ব্যৱসায়ীৰ

চৰাইদেউঃ নাগালিম চুক্তিক লৈ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা অব্যাহত থকাৰ লগতে এগৰাকী আলফা স্বাধীনৰ কেডাৰক আটক কৰাৰ কেইটামান ঘটনাৰ পিছতে এগৰাকী হিন্দীভাষী ব্যৱসায়ী নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে চৰাইদেউ জিলাৰ সোণাৰিত৷

জানিব পৰা মতে, সোণাৰিত ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা সুকুল দেব ৰায় নামৰ লোকজন যোৱা ১২ নবেম্বৰৰপৰা নিৰুদ্দেশ হৈ থকাত ব্যৱসায়ীগৰাকীক কোনো দুৰ্বৃত্তই অপহৰণ কৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷ বিহাৰৰ মোজফ্ফৰপুৰৰ বাসিন্দা সুকুল দেব ৰায় সোণাৰি নগৰৰ ১৩নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰত ভাৰাতীয়া হিচাপে থাকি  ক্ষুদ্ৰ ব্যৱসায় কৰিছিল৷

কিন্তু ১২ নৱেম্বৰৰপৰা ব্যৱসায়ীগৰাকী ভড়া ঘৰলৈ নহাৰ লগতে মোবাইল নম্বৰত সংযোগ স্থাপন কৰিব নোৱাৰি অবশেষত গোলাঘাটত থকা ফুলনদেব ৰায় নামৰ ভায়েকগৰাকী সোণাৰিলৈ আহি অনুসন্ধান কৰে যদিও কোনো শুংসুত্ৰ উলিয়াব নোৱাৰি সোণাৰি আৰক্ষীক এখন এজাহাৰ দাখিল কৰে৷ ৰাজ্যত এতিয়া এন আৰ চি তথা অবৈধ বাংলাদেশীকেন্দ্ৰীক পৰিস্থিতিয়ে অসমৰ আকাশ বতাহ উত্তাল কৰি থকা সময়তে এগৰাকী হিন্দীভাষী ব্যৱসায়ী নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷