মন্ত্ৰী তপনৰ ঘৰৰ সন্মুখৰ পথ নিৰ্মাণত দুৰ্নীতি, মন্ত্ৰীৰ আত্মীয়ই যোগান ধৰিছে নিম্নমানৰ সামগ্ৰী

সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰিৰ ভেচেলি পথাৰ-লাওজান গড়কাপ্তানী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ নিতৌ শ-শ ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাধাৰণ ৰাইজ, ব্যৱসায়ী, শ্ৰমিক, দিনহাজিৰা কৰা লোকে যাতায়তৰ বাবে পথটো ব্যৱহাৰ কৰে যদিও নিৰ্মাণত ব্যাপক খেলিমেলি হোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ 

পথ নিৰ্মাণ নকৰাৰ ফলত ৰাইজৰ দুৰ্ভোগৰ সীমা নোহোৱা হৈছিল। বজাৰলৈ সামগ্ৰী বিক্ৰী কৰিবলৈ, ক্ৰয় কৰিবলৈ আনিব লগা হোৱাৰ ক্ষেত্ৰত অধিক ধন আৰু কষ্ট ভোগ কৰিব লগা হৈছিল। ৰোগীক টাউনলৈ আনিব লগা হ'লে ৰোগীৰ অৱস্থা নোহোৱা হৈছিল৷

পথৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ যাতানাৰ অন্ত নোহোৱা হোৱাত বছৰ বছৰ ধৰি ৰাইজে পথ নিৰ্মাণ কৰাৰ দাবী জনাই অহাত অৱশেষত চৰকাৰে পথটো নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰে৷ বছৰ বছৰ ধৰি ৰাইজে জনাই অহা দাবীৰ মূৰকত পথ নিৰ্মাণ কৰিবলৈ লোৱাত ৰাইজ এটি সুন্দৰ পথ লাভ কৰাৰ আশা পুহি ৰাখিছিল৷ কিন্তু ৰাইজৰ আশাত চেঁচা পানী পৰে৷ 

চৰাইদেউ জিলাৰ সোণাৰিৰ একাংশ লোকে প্রধানমন্ত্ৰী গ্রাম চড়ক যোজনাৰ অধীনৰ ভেচেলি পথাৰ-লাওজান গড়কাপ্তানী পথটো নিৰ্মাণত ঠিকাদাৰে নিম্নমানৰ শিল-বালি ব্যৱহাৰ কৰাৰ লগতে কাঠৰ গুড়ি-বোকা ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷

চৰকাৰে ১ কোটি ৩৫ লাখ ৫৪ হাজাৰ টকা আৱণ্টন দিয়ে৷ পথটো নিৰ্মাণৰ ঠিকা লাভ কৰে এম এচ শিৱসাগৰৰ এম এচ আই টি কমাৰ্চিয়েল নামৰ ঠিকাদাৰী প্রতিষ্ঠানটোৱে৷ প্রতিষ্ঠানটোৱে পথ নিৰ্মাণ কাৰ্য চলাই আহিছে যদিও নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে চাইডবাম নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে। আনহাতে সোণাৰি সমষ্টিৰ বিধায়ক তথা নৱ নিযুক্ত মন্ত্ৰী তপন কুমাৰ গগৈৰ আত্মীয়ই ঠিকাদাৰক নিম্নমানৰ সামগ্ৰী যোগান ধৰাৰ বাবেই গড়কাপ্তানী বিভাগ নিমাত হৈ আছে বুলি কয় ৰাইজে৷

মন্ত্ৰীৰ আত্মীয়ই অতি নিম্নমানৰ সামগ্ৰী যোগান ধৰাৰ অভিযোগ ৰাইজে ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ অভিযন্তাক দিয়াৰ পিছতো কোনো গুৰুত্ব প্রদান কৰা নাই। 
সদা ব্যস্ত এই পথটো কেইবাখনো গাঁৱৰ লোকে আহ-যাহ কৰে৷ উল্লেখ যে, পথটো মন্ত্ৰী তপন কুমাৰ গগৈৰ ঘৰৰ সমীপৰ একমাত্ৰ পথ৷ মন্ত্ৰীৰ ঘৰৰ সন্মুখৰ পথটো  নিৰ্মাণত ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাত ৰাইজে সাংবাদিকক মাতি অভিযোগ দিব লগা হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

পথটোক এতিয়া ঠিকাদাৰ আৰু অভিযন্তাই সোনৰ কণী পৰা হাঁহ হিচাপে বিবেচিত কৰিবলৈ লৈছে আৰু পথটো মেৰামতিৰ নামত ঠিকাদৰে কেৱল নিজৰ পকেটহে গৰম কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে। এনেদৰে নিৰ্মাণ কৰিলে পথটো দুদিনো নিটিকিব বুলি কয় ৰাইজে।