
newsnextone.com | সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰিত ৮ মে’ৰ নিশা অস্ত্ৰ দেখুৱাই এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ ঘটনাই উজনি অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চৰাইদেউ জিলাৰ সাপেখাটী আৰক্ষী থানাৰ অন্তৰ্গত কলাকতা মাঝি গাঁৱত সংঘটিত হৈছে এই কাণ্ড। ৮ মে’ৰ নিশা মাঝি গাঁৱত অস্ত্ৰধাৰী ৩জনীয়া সন্দেহযুক্ত উগ্ৰপন্থীৰ দলে এটি দৰিদ্ৰ পৰিয়ালত প্রৱেশ কৰে৷ দলটোৱে প্ৰথমে পৰিয়ালটোৰ মুৰব্বীৰ সৈতে কথা বতৰা পাতে৷ তাৰ পিছতে নিজকে আলফা স্বাধীনৰ সদস্য বুলি চিনাকি দিয়ে।
কিছু সময় পিছতে উগ্ৰপন্থীৰ দলটোৰ এজন সদস্যৰ চকু পৰে পৰিয়ালৰটোৰ নাবালিকা কন্যাৰ ওপৰত৷ প্ৰথমে পৰিয়ালটোৰ জ্যেষ্ঠ সদস্যক এটা কোঠাত বন্দী কৰে৷ তাৰ পিছতে কোঠাত শুই থকা কন্যাৰ ওচৰলৈ বিভিন্ন অংগী-ভংগী কৰি ব্যতিব্যস্ত কৰে৷ তাৰ পিছতে দলটোৰ মাজৰ এজনে নাবালিকাগৰাকীক পৰিয়ালৰ লোকৰ সন্মুখতে যৌন নিৰ্যাতন চলাই৷
নাবালিকাগৰাকীক পৰিয়ালৰ লোকেৰ সন্মুখতে যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰাৰ পিছতো বাধা আৰোপ কৰিবৰ বাবে সাহস গোটাব পৰা নাছিল৷ সন্দেহযুক্ত উগ্ৰপন্থীৰ কামনাৰ বলি হৈছিল পৰিয়ালৰ সন্মুখতে। কিন্তু অস্ত্ৰধাৰী দলটোৰ সন্মুখত অসহায় পৰিয়ালটোৱে সকলো দেখি শুনি সহ্য কৰি গৈছিল৷
নিশা প্রায় ১-৩০ বজাত পৰিয়ালটোৱে গভীৰ নিদ্ৰাত থকা অৱস্থাত তিনি জন যুৱকে হাতত অস্ত্র লৈ পৰিয়ালটোক দুৱাৰ খুলিবলৈ কয়। দুৱাৰ খোলাৰ লগে লগে দুৰ্বৃত্তৰ দলটো প্রৱেশ কৰি বন্দুক দেখুৱাই পৰিয়ালৰ জ্যেষ্ঠ সদস্যক এটা কোঠাত আৱদ্ধ কৰে।
দুৰ্বৃত্তৰ দলটোৱে ভাত খাবলৈ বিচৰাত কিশোৰীগৰাকীয়ে কৌশলেৰে ঘৰৰ পৰা ওলাই আহি বাগিচাৰ মাজেৰে কিছু নিলগৰ খুড়াকৰ ঘৰত উপস্থিত হয়৷
তাৰ পিছতে, বুধবাৰে পুৱা নিৰ্যাতিতা পৰিয়ালটোৱে সাপেখাটী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। শক্তিমন্ত্রী তপন কুমাৰ গগৈৰ ঘৰৰ সমীপতে সংঘটিত হৈছে এই ঘটনা। অঞ্চলটোত সেনা-আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে চৰাইদেউ জিলাত এটাৰ পাছত আনটো ঘটনা সংঘটিত হৈ আহিছে৷
নিশা শুৱা পাতিৰ পৰা তুলি আনি এগৰাকী নাবালিকা কিশোৰীক আলফা স্বাধীনৰ পৰিচয় দি ধৰ্ষণ কৰা ঘটনাই সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে দলটোক জালত পেলাবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও কোনো লোকক আটক কৰিব পৰা নাই৷
এতিয়া প্ৰশ্ন হৈছে মন্ত্ৰীৰ ঘৰৰ সমীপতে যদি দৰিদ্ৰ পৰিয়াল সুৰক্ষিত নহয় তেন্তে আন ঠাইৰ লোকক সুৰক্ষা দিব কোনে৷ ৰাজ্যৰ জনসাধৰণৰ ভয় আৰু শংকাৰ মাজত দিন অতিবাহিত কৰাৰ সময়তে এনে ঘটনাই মানুহৰ জীৱন আৰু সম্পত্তিৰ চিন্তা কৰিবলৈ বাধ্য হৈছে৷