সাহিত্যিক ড০ স্বাধীনতা মহন্তক সাহিত্য সভাৰ উপ-সভাপতি হোৱাৰ আহ্বান

ঢেকীয়াজুলিঃ শোণিতপুৰ জিলা সাহিত্য সভাই বিশিষ্ট সাহিত্যিক ড০ স্বাধীনতা মহন্তক অসম সাহিত্য সভাৰ উপ-সভাপতি হোৱাৰ আহ্বান জনায়৷ দেওবাৰে শোণিতপুৰ জিলা সাহিত্য সভা এখন বিশেষ বৈঠকত এই আহ্বান জনায় শোণিতপুৰ জিলা সাহিত্য সভাই৷ ঠেলামৰা ৰূপকোৱঁৰ শাখা সাহিত্য সভাৰ আতিথ্যত ঠেলামৰা হাইস্কুলৰ সভাগৃহত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ স্বাধীনতা মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন শাখাৰ তথা জিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

ৰূপকোঁৱৰ শাখা সাহিত্য সভাৰ সম্পাদক আবুল ইছলামে আদৰণী ভাষণেৰে আৰম্ভ কৰা সভা খন আঁত ধৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক বিপুল কুমাৰ নাথে৷ সভাত সাহিত্য সভাৰ আগন্তুক নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা হয়৷ এই সভাতেই শোণিতপুৰ জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ স্বাধীনতা মহন্তক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ আগন্তুক কাৰ্যকালৰ বাবে উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবৰ বাবে জিলা সভাই আহ্বান জনায়৷

এই বেলি সাহিত্য সভাত বিষয় বাচনি কৰাৰ ক্ষেত্ৰত ভোটদান প্ৰক্ৰিয়াৰ বিপৰিতে প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰেৰণ কৰাৰ যি নতুন নিয়ম গ্ৰহণ কৰিছে সেই সন্দৰ্ভটো বিতংভাবে আলোচনা কৰা হয়৷ সভাত ৰূপকোঁৱৰ শাখা সাহিত্য সভাৰ সভাপতি ভোলা ৰাউতীয়া, শাখাৰ উপদেষ্টা ডিমচাঁদ বৰদলৈ, কিৰণ চন্দ্ৰ বৰা, জিলাৰ উপ-সভাপতি নিৰণ ভূঞা, জিলাৰ সহকাৰী সম্পাদক দুলাল নাথ, পত্ৰিকা সম্পাদক (ভাৰপ্ৰাপ্ত) বিশ্বজিৎ বড়ো, বিশিষ্ট কবি ৰঞ্জণ কুমাৰ মহন্ত, মহেন্দ্ৰ কুমাৰ নাথ, অলক শৰ্মা, চিৰাজ খান, সুজিৎ কটকী, ৰাতুল দাস আদি উপস্থিত থাকে৷