
অভয়াপুৰীঃ ৰাজ্যত বছৰ বছৰ ধৰি বসবাস কৰি অহা বিহাৰী সম্পদায়ৰ লোকসকলে উলাহ-মালহেৰে ষট পূজা পালন কৰে৷ বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত অনুষ্ঠিত হৈছে বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ অন্যতম পৱিত্ৰ উৎসৱ ষঠ পূজা।
ষট পূজা উপলক্ষে মণ্ডপ তথা আলোকসজ্জাৰে উজলি উঠিছে অভয়াপুৰীৰ ঐতিহাসিক ৰাজপুখুৰীৰ পাৰ। সকলোৰে সু-স্বাস্থ্য, সফলতা আৰু সমৃদ্ধি কামনাৰে সূৰ্য অস্ত যোৱাৰ পুৰ্বে পুখুৰীৰ পানীত নামি ভক্ত প্ৰাণ ৰাইজে সূৰ্যক পূজা কৰাৰ লগতে কাইলৈ সপ্তমীৰ পুৱাৰ ভাগত উদয়গামী সূৰ্যক অৰ্ঘ্য প্ৰদান কৰি ষঠ পূজাৰ সামৰণি পৰিব।
ষট পূজাক লৈ অভয়াপুৰী অঞ্চলৰ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হয়। ষট পূজাত কোনো অপশক্তিয়ে যাতে কোনোধৰণৰ দুস্কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰবাবে মহকুমা প্ৰশাসনে ব্যাপক নিৰাপত্তা গঢ়ি তুলিছে।