
ডিফুঃ শুকুৰবাৰে পুৱাই শ শ লোকে সূৰ্য দেৱতাক আৰাধনা কৰিলে ডিফুত। সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে ষট পূজা৷ যোৱা ২৫ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ পাহাৰীয়া জিলাৰ বহু ঠাইত অনুষ্ঠিত হয় ষট পূজা। ডিফুৰ পানবাৰী, বিৰলা, চুতীয়ানালা আৰু বাঘমাৰীত ষটঘাট সমূহ সজাই-পৰাই তোলা হৈছে।
ডিফুত বিহাৰী যুৱ মঞ্চৰ উদ্যোগত উদযাপন কৰা ষট পূজাৰ কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে বিয়লি ৩ বজাত পূজাৰ শূভ উদ্ধোধন কৰাৰ লগে লগে আৰম্ভ হয় সান্ধ্য পূজা৷ শুকুৰবাৰে পুৱা ৪বজাত শ শ লোকে নৈৰ ঘাটত পানীত নামি সূৰ্যক পূজা আৰম্ভ কৰে। সূৰ্য উদয় হোৱাৰ লগে লগে পূজা পৰ্বৰ সামৰণি পৰে। সূৰ্য ষষ্ঠীৰ বাবে মহিলা ভক্ত সকলে পুৱাৰে পৰা লঘোণীয়া
পেটেৰে কঠোৰ ব্ৰত পালন কৰাৰ লগতে জলাশয়ত অৱস্থান গ্ৰহণ কৰি সূৰ্য দেৱতাক সন্তুষ্টিৰ বাবে প্ৰাৰ্থনাত মগ্ন হৈ হয়৷ষট পূজাৰ শুভেচ্ছা যাচে লুম্বাজং পৰিষদীয় সমষ্টিৰ এমএচি তথা ইএম ৰতন টেৰণে। উৎসৱ ভাতৃত্বৰ এনাজৰীডাল অধিক সূদৃঢ় কৰাৰ লগতে বিহাৰী সম্প্ৰদায়ৰ এই উৎসৱে জিলাখনৰ ৰাইজৰ মাজত পৰাম্পৰাগত ঐক্য-সম্প্ৰীতিৰ সাক্ষ্য বহন কৰিব বুলি কৈ ইএম ৰতন টেৰণে ষট পূজাৰ পৱিত্ৰ ক্ষণত বিহাৰী সম্প্ৰদায়ৰ লোক সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি৷