হাহ, কুকুৰা বিক্ৰী কৰি মহিলায়ো খেলে তীৰ

বাইহাটাঃ কামৰূপ জিলাৰ বাইহাটা চাৰিঅালি থানাৰ অন্তৰ্গত বৃহত্তৰ মুক্তাপুৰ অঞ্চলত দীৰ্ঘদিনৰে পৰা চলি তীৰখেলে সম্প্ৰতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই অবৈধ জুৱাখেল অঞ্চলটোত মুক্তভাবে চলি অহাত ইতিমধ্যে কিছুসংখ্যক চাকৰিয়াল, ব্যৱসায়ী, যানবাহনৰ চালক, ঠেলাচালক, বজাৰ কৰিবলৈ অহা লোক ইয়াৰ কৰাল গ্ৰাসত পৰাতো স্থানীয় অাৰক্ষীৰ লগতে সৰ্বজনবিদিত।

মুক্তভাবে চলি অহাত ক’লা ধনৰ মোহত বন্দী হৈ অঞ্চলটোৰ স্কুলীয়া অাৰু কলেজীয়া কিছুসংখ্যক ছাত্ৰও কিছুদিনৰ পৰা সামাজিক ব্যাধিত পৰিণত হোৱা এই তীৰখেলৰ কবলত পৰিছে। এইসকল ছাত্ৰই টিফিন খাব দিয়া ধনেৰে কাটিব লৈছে তীৰৰ টিকত।

অকল এয়াই নহয়, তীৰখেলৰ এজেন্ট শেহতীয়াকৈ অধিক মুনাফাৰ বাবে চ’ক-বজাৰৰ পৰা চুবুৰীয়ে চুবুৰীয়ে চুকে-কোণে সোমাই পৰাত গৃহিনী একাংশও এইখেলৰ প্ৰতি অাসক্ত হৈ পৰিছে। হাহ, পাৰ, কুকুৰা, কণী অাদি বিক্ৰী কৰি হ’লেও সহজলভ্য ধনৰ অাশাত এইসকল মহিলাই তীৰখেলৰ টিকত ক্ৰয় কৰিবলৈ লৈছে।

কিন্তু ইয়াৰ ফলত এইসকল মহিলাৰ হাহ, পাৰ, কুকুৰা অাদি পালন কৰা কষ্টখিনও তীৰৰ এজেন্ট-বুকীৰ লোলুপ দৃষ্টিৰ বাবে অথলে যোৱাৰ লগতে কেতবোৰ পৰিয়ালৰ বাবে এই খেলবিধ সংঘাটৰো কাৰক হৈ পৰিছে।

অভিযোগ মতে, জনৈক শ্বাহনুৰ নামৰ লোক এজনৰ নেতৃত্বতে অঞ্চলটোত চলি অাহিছে এই লুন্ঠন৷ আনহাতে দুৰ্ভাগ্যজনক ভাৱে ইয়াত অদৃশ্য সহযোগিতা অাছে স্থানীয় অাৰক্ষীৰো। ফলত অঞ্চলটোৰ পৰা নিতৌ অবাবতে ওলাই গৈ অাছে ডেৰ-দুই লাখ টকা।

এনে কাৰণত অঞ্চলটোক এই ব্যাধিৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত ধৃতৰাষ্ট্ৰৰ ভাও দি অহা স্থানীয় অাৰক্ষীৰ সহযোগিতা-সততা-সদিচ্ছাৰ অাশা ত্যাগ কৰি অঞ্চলটোৰ ছাত্ৰ সংগঠন, সচেতন ব্যক্তি, ব্যাৱসায়ী সংগঠন সমূহে ক্ষীপ্ৰ অাৰু উপযোগী পদক্ষেপ গ্ৰহন কৰাটো নিত্যান্তই প্ৰয়োজনীয় হৈ পৰিছে।