বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা পহিলা অক্টোবৰৰ পৰা

নপতা পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰছাত্ৰীক সন্তুষ্ট কৰিবলৈ বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা

ডিজিটেল ডেস্ক,১৫ চেপ্টেম্বৰঃৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব SEBAই।অহা ১ অক্টোবৰৰ পৰা অনুস্থিত হব এই বিশেষ পৰীক্ষা৷১১ অক্টোবৰত সমাপ্ত হব এই পৰীক্ষা৷ইতিপূৰ্বেই ঘোষিত ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকলে আবেদন কৰিছে৷পৰিক্ষাৰ্থীয়ে নিজ নিজ কেন্দ্ৰৰ পৰা পৰীক্ষাৰ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব৷